Assamassam policeCity newsঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

যুৱ ব্যৱসায়ীক হত্যাৰ চেষ্টাকলৈ বিশ্বনাথত চাঞ্চল্য, হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা দুই অভিযুক্তৰ…..

যুৱ ব্যৱসায়ীক হত্যাৰ চেষ্টাকলৈ বিশ্বনাথত চাঞ্চল্য

পাপন পাল নামৰ ব্যৱসায়ীজনৰ হত্যাৰ চেষ্টা

মনোজ কুমাৰ বৰা, জনৈক গাগু নামৰ যুৱকৰ দুস্কাৰ্য

হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা দুই অভিযুক্তৰ

অভিযোগ উত্থাপন কৰিলে পাপন পালৰ পিতৃয়ে

বিশ্বনাথ চাৰিআলি থানাত এজাহাৰ দাখিল পিতৃৰ

পাপন পালৰ পিতৃয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে ১৩ ডিচেম্বৰৰ দুপৰীয়া মনোজ কুমাৰ বৰা ওৰফে বুবুয়ে পাপনক ফোন কৰি ঘৰৰপৰা মাতি নিছিল। তাৰ কিছু সময়ৰ পাছতে সেৰেঙা জনবসতি থকা বিশ্বনাথ নগৰৰ কিছু নিলগৰ হাইদাবাৰি নামৰ ঠাইত পাপনক দুই যুৱকে উপৰ্যুপৰি মাৰপিত কৰি হত্যাৰ চেষ্টা চলায়। কিন্তু পাপন পালৰ মৰণকাতৰ চিঞৰত দুই এক লোকৰ সমাগম ঘটাত সংকটজনক অৱস্থাত পাপনক দুৰ্ঘটনাত পতিত হোৱা বুলি দুয়োয়ে লৈ আহি বিশ্বনাথ চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়। পাপনৰ পৰিয়ালেও প্ৰথম অৱস্থাত দুৰ্ঘটনা বুলিয়েই ভাবিছিল। সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি হোৱা পাপনে কিছু সম্বিত ঘূৰাই পোৱাৰ পিছত প্ৰকৃত ঘটনা পোহৰলৈ আহিল। বৰ্তমান পাপন পাল গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। যুৱ ব্যৱসায়ীজনৰ অৱস্থা এতিয়াও সংকটজনক। ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে পৰিয়াল তথা স্থানীয় লোকে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − ten =

Back to top button