দিল্লীদুৰ্ঘটনা

নিৰ্মাণ কৰি থাকোতেই খহিল অট্টালিকা, ভগা অট্টালিকাত আবদ্ধ শ্ৰমিকৰ মৃত্যু…

বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসাধীন হৈ আছে আন তিনিজন শ্ৰমিক।

দক্ষিণ দিল্লীৰ সত্য নিকেতনত অঘটন। সোমবাৰে দুপৰীয়া সত্য নিকেতনত খহি পৰিল নিৰ্মীয়মাণ অৱস্থাত থকা এটা অট্টালিকা।

অট্টালিকা খহি আবদ্ধ হৈ পৰে কৰ্মৰত পাঁচজন শ্ৰমিক। শ্ৰমিককেইজনক উদ্ধাৰৰ বাবে NDRF বাহিনীয়ে চলায় তীব্ৰতৰ অভিযান। তিনিঘণ্টীয়া শ্বাসৰুদ্ধকৰ অভিযানৰ পিছত শ্ৰমিককেইজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও ভাগি পৰা ঘৰটোৰ হেঁচাত মৃত্যুক সাবটি লয় দুজন শ্ৰমিকে। বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসাধীন হৈ আছে আন তিনিজন শ্ৰমিক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 4 =

Back to top button