অসমজীৱনশৈলীভাৰত

আজি ভাৰত বন্ধৰ দ্বিতীয়টো দিন! ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদকাৰীৰ বিক্ষোভ কাৰ্যসূচী

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বিৰোধী, কৃষক বিৰোধী, জনতা বিৰোধী আৰু ৰাষ্ট্ৰ বিৰোধী নীতিৰ বিৰুদ্ধে এই ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰা হৈছে।

আজি ২৯ মাৰ্চ, ভাৰত বন্ধৰ দ্বিতীয়টো দিন।

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে দেশৰ প্ৰান্তে প্ৰান্তে দেখা গ’ল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

ভাৰতৰ বিভিন্ন প্ৰান্তত দেখা গ’ল ৰে’ল পথ অৱৰোধ, ৰাজপথৰ মাজত প্ৰতিবাদকাৰীৰ বিক্ষোভ কাৰ্যসূচী। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বিৰোধী, কৃষক বিৰোধী, জনতা বিৰোধী আৰু ৰাষ্ট্ৰ বিৰোধী নীতিৰ বিৰুদ্ধে এই ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, ট্ৰেড ইউনিয়নসমূহে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে দুদিনীয়া ভাৰত বন্ধ ঘোষণা কৰিছিল। ২৮ মাৰ্চ আৰু ২৯ মাৰ্চৰ বাবে বন্ধ ঘোষণা কৰিছিল। এই বন্ধক সমৰ্থন জনাই বেংক ইউনিয়নসমূহেও সেই দিন দুটাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত লৈছিল। ভাৰতীয় ষ্টেট বেংকেও গ্ৰাহকসকলক জনাইছিল যে, ২৮ আৰু ২৯ মাৰ্চত বেংকিং সেৱা বন্ধ থাকিব৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.