আন্তঃৰাষ্ট্ৰীয়

‘কাশ্মীৰ ফাইলছ এখন অশ্লীল ছবি’

"দ্য কাশ্মীৰ ফাইলছ" চিনেমাখনে আমাৰ সকলোকে বিচলিত আৰু স্তম্ভিত কৰি তুলিছিল ।

পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বলীউডৰ ব্যাপক চৰ্চিত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’। কাশ্মীৰ পণ্ডিতৰ দুৰ্বিষহ জীবনৰ আধাৰত নিৰ্মিত ব্লকবাষ্টাৰ ‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ ইজৰাইলৰ এজন ছবি সমালোচক, পৰিচালক নাডাভ লেপিডে ইয়াক “একপক্ষীয় প্ৰচাৰ” আৰু “অশ্লীল চিনেমা” বুলি অভিহিত কৰিছে । ছবিখনক অমাৰ্জিত, প্ৰচাৰধৰ্মী বুলি কৰা মন্তব্যই এতিয়া ইজৰাইল আৰু ভাৰতৰ সম্পৰ্কৰ মাজত তিক্ততা নমাই অনাৰ ইংগিত দিছে।

Someone needs to speak up...': Nadav Lapid defends 'Kashmir Files' remark |  Latest News India - Hindustan Times

গোৱাত অনুস্থিত হোৱা ‘ইন্টাৰনেশ্বনেল ফ্লিম ফেষ্টিভেল অৱ ইণ্ডিয়া’ৰ ২০২২ৰ জুৰী মুৰব্বী নাডাভ লেপিডে কৰা এই মন্তব্যৰ পিছতে এতিয়া বলীউডত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ছবিখনত জড়িত কলা-কুশলী সকলৰ লগতে ছবিখনক সমৰ্থন কৰা দলে ইজৰাইলৰ চিত্ৰ নিৰ্মাতা গৰাকীৰ মন্তব্য়ক তীব্ৰ ভাষাৰে গৰিহনা জনোৱাৰ লগতে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নাদাভে কয় যে মহোৎসৱত ছবিখন প্ৰদৰ্শিত হোৱা দেখি জুৰী সদস্যসকল “বিচলিত আৰু স্তম্ভিত” হৈ পৰিছিল। “দ্য কাশ্মীৰ ফাইলছ” চিনেমাখনে আমাৰ সকলোকে বিচলিত আৰু স্তম্ভিত কৰি তুলিছিল ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Check Also
Close
Back to top button