আন্তঃৰাষ্ট্ৰীয়জ্যোতিৰ্বিজ্ঞানধৰ্মীয়ধাৰ্মিকবিজ্ঞানবিশ্বভাৰত

আজি বুদ্ধ পূৰ্ণিমা, আজিৰ দিনটোতেই দৃশ্যমান হ’ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ!

Blood Moon 16 May 2022 : যিহেতু চন্দ্ৰগ্ৰহণ পূৰ্ণিমাৰ দিনা হ'বলৈ গৈ আছে সেয়ে পৃথিৱীৰ ছাঁ চন্দ্ৰত পৰিলে ৰঙা দেখা যাব ।

আজি বুদ্ধ পূৰ্ণিমা। নিকা মনেৰে, শুদ্ধভাৱে বুদ্ধ পূৰ্ণিমা উদযাপনৰ বাবে সাজু হৈছে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ পিছত  ১৬ মে’ত বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ চাবলৈ সাজু হৈছে সকলো। এই চন্দ্ৰগ্ৰহণক ৰঙা চন্দ্ৰ বা ব্লাড মুন বুলিও জনা যায়।

ভাৰতীয় সময় অনুসৰি সোমবাৰে পুৱা ৭:০২ বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু দুপৰীয়া ১২-২০ বজাত সমাপ্ত হ’ব। পাঁচ ঘন্টাতকৈয়ো অধিক সময় ধৰি চন্দ্ৰগ্ৰহণ চলিব। অৱশ্যে এই চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান হোৱাৰ কোনো সম্ভাৱনা নাই।এই চন্দ্ৰগ্ৰহণ দক্ষিণ-পশ্চিম ইউৰোপ, দক্ষিণ-পশ্চিম এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলাণ্টিক আৰু এণ্টাৰ্কটিকাকে ধৰি কেইবাটাও অঞ্চলত দৃশ্যমান হ’ব।

 

 

জানিব পৰা মতে, আজি সূৰ্য আৰু চন্দ্ৰৰ মাজত একেটা শাৰীতে অৱস্থান কৰিব পৃথিৱীয়ে। যাৰ ফলতেই পৃথিৱীৰ ছাঁই ঢাকি পেলাব চন্দ্ৰক।  দি পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি ৰাখে আৰু চন্দ্ৰক পৃথিৱীৰ বাবে সম্পূৰ্ণৰূপে দেখা নাযায় তেতিয়া ইয়াক পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়।

 

পিছে, আজিৰ চন্দ্ৰগ্ৰহণক কিয় ব্লাড মুন বুলি কোৱা হৈছে জানেনে, যিহেতু চন্দ্ৰগ্ৰহণ পূৰ্ণিমাৰ দিনা হৈছে, সেয়ে পৃথিৱীৰ ছাঁ চন্দ্ৰত পৰাৰ পিছতে চন্দ্ৰই ইয়াৰ ৰং প্ৰতিফলিত কৰিব, কিয়নো পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে অহাৰ পিছত সূৰ্যৰ পোহৰ চন্দ্ৰপৃষ্ঠত পৰিব আৰু তৰংগ দৈৰ্ঘ্যৰ বাবে ৰঙা ৰং দীৰ্ঘসময় ধৰি ৰাখিব। সেইহেতুকে ৰঙা দেখা পোৱা যাব চন্দ্ৰ। এই ৰঙা ৰঙৰ বাবেই ‘ব্লাড মুন’ শব্দটোৰ জন্ম হৈছে।

 

উল্লেখ্য যে, চলিত বৰ্ষৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব ৮ নৱেম্বৰ তাৰিখে। সেই চন্দ্ৰগ্ৰহণো হ’ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + one =

Back to top button