আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানত এইবাৰ সন্ত্ৰাসবাদীৰ টাৰ্গেট-শিখ ধৰ্মাৱলম্বী লোক, চৌদিশে আতংক…

দেওবাৰে, পাকিস্তানৰ উত্তৰ-পশ্চিম অঞ্চলৰ খাইবাৰ পাখটুনখুৱা প্ৰদেশত অচিনাক্ত বন্দুকধাৰী লোকে গুলীয়াই হত্যা কৰে দুজন ব্যৱসায়ীক। বাইকত অহা দুই দুৰ্বৃত্তই হত্যা কৰে শলজীত সিং আৰু ৰঞ্জিত সিং নামৰ ব্যৱসায়ী দুজনক। 

পাকিস্তানত পোহৰলৈ আহিছে সংখ্যালঘুক আক্ৰমণৰ অন্য এক ঘটনা। সন্ত্ৰাসজৰ্জৰ পাকিস্তানত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি শিখ ধৰ্মাৱলম্বী লোক। ১৫ মে’ তাৰিখ দেওবাৰে পাকিস্তানৰ পেছোৱাৰত দুই শিখ ব্যৱসায়ীলৈ লক্ষ্য কৰি গৰজিল সন্ত্ৰাসবাদীৰ গুলী।

 

দেওবাৰে, পাকিস্তানৰ উত্তৰ-পশ্চিম অঞ্চলৰ খাইবাৰ পাখটুনখুৱা প্ৰদেশত অচিনাক্ত বন্দুকধাৰী লোকে গুলীয়াই হত্যা কৰে দুজন ব্যৱসায়ীক। নিজৰ দোকানতে বহি থকাৰ সময়তে বাইকত অহা দুই দুৰ্বৃত্তই নিৰ্মমভাৱে গুলীয়াই হত্যা কৰে শলজীৎ সিং আৰু ৰঞ্জিত সিং নামৰ ব্যৱসায়ী দুজনক।

 

এই হত্যাকাণ্ডৰ আঁৰত Islamic State Wilayah Khorasan চমুকৈ IKSP থকাৰ কথা ইতিমধ্য়ে ঘোষণা কৰিছে। সংখ্যালঘুক লক্ষ্য কৰি পাকিস্তানত গুলীচালনাৰ ঘটনা এয়া প্ৰথম নহয় যদিও স্বাভাৱিকতে এই ঘটনাই শংকিত কৰি তুলিছে পাকিস্তানৰ সংখ্যালঘু লোকসকলক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.