অৰুণাচল প্ৰদেশপ্ৰযুক্তি

সহজ হ’ল তেজু-গুৱাহাটীৰ যাতায়াত ব্যৱস্থা, ডেৰ ঘন্টাতে উপস্থিত হ’ব পাৰিব অৰুণাচলৰ তেজুত

ইতিমধ্যে সফল হৈছে তেজু বিমানবন্দৰৰ পৰা বিমান উৰণৰ পৰীক্ষণ প্ৰক্ৰিয়া

বিমানযাত্ৰীৰ লগতে অসম-অৰুণাচলৰ তেজুবাসীৰ বাবে এক সুখবৰ । পুনৰ জীৱিত ৰূপ ল’ব তেজু বিমানবন্দৰে । ইতিমধ্যে সফল হৈছে তেজু বিমানবন্দৰৰ পৰীক্ষণ প্ৰক্ৰিয়া ।

তেজুৰ পৰা মাত্ৰ ১ঘন্টাৰ আশে-পাশে আপুনি আহি পাব গুৱাহাটী । ১৫ আগষ্টত FlyBigনামৰ বিমান সংস্থাটোৱে গুৱাহাটীৰ পৰা তেজুলৈ বিমান পৰীক্ষণ সফলভাৱে সমাপ্তি কৰে । এই পৰীক্ষণৰ পিছতে এতিয়া সম্পূৰ্ণভাৱে সাজু হৈ উঠিছে তেজু বিমানবন্দৰ ।

১৯ আগষ্টত মুকলি কৰা হ’ব তেজু বিমানবন্দৰটো । ১৯আগষ্টৰ পৰাই পৰাই আৰম্ভ হ’ব যাত্ৰীবাহী বিমানৰ চলাচল । সপ্তাহত ৪দিনকৈ চলিব FlyBigৰ বিমান ।

ৰাতিপুৱা ৮ বাজি ২৫ মিনিটত তেজুলৈ উৰা মাৰিব বিমান। তাৰপিছত ৯ বাজি ৩০ মিনিটত পুনৰ তেজু পাবগৈ বিমানখন । একদৰে ৯ বাজি ৫৫ মিনিটত তেজুৰ পৰা বিমানখন উৰাৰ পিছত ১১ বাজি ১৫ মিনিটত গুৱাহাটী পাব বিমানখন ।

এই বিমানবন্দৰটো আৰম্ভ হোৱাৰ ফলত তেজুৰ যাত্ৰীসকলৰ যথেষ্ট সুবিধা লাভ কৰিব, সেয়া লাগিলে স্বাস্থ্যৰ ক্ষেত্ৰতে হওক অথবা অৰ্থনৈতিক ক্ষেত্ৰতে নহওক কিয়। আনহাতে, পৰ্যটকসকলৰ বাবেও তেজুলৈ ভ্ৰমণ কৰাটো অতি সহজ হৈ পৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.