অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিপ্ৰদূষণপ্ৰযুক্তিভাৰতৰাজনৈতিক

উত্তৰ কাশীৰ সুৰংগত NDRFৰ সফল অভিযান, ১৭ দিনৰ অন্তত সুৰংগৰ পৰা উদ্ধাৰ কৰা আটাইকেইজন শ্ৰমিক…

উত্তৰ কাশীৰ সুৰংগত NDRFৰ সফল অভিযান

১৭ দিনীয়া ৰুদ্ধশ্বাস প্ৰতীক্ষাৰ অন্ত

৪১গৰাকী শ্ৰমিকক সুকলমে উদ্ধাৰ NDRFৰ

মুকলি আকাশৰ তলত অসমৰো দুই শ্ৰমিক

উদ্ধাৰ কোকৰাঝাৰৰ সঞ্জয় বসুমতাৰী, ৰামপ্ৰসাদ নাৰ্জাৰীক

কেওগৰাকী শ্ৰমিকৰে স্বাস্থ্যৰ অৱস্থা প্ৰায় সুস্থিৰ

চিকিৎসাৰ বাবে শ্ৰমিককেইগৰাকীক হাস্পতালত ভৰ্তি

গ্ৰীণ ক’ৰিডৰ নিৰ্মাণেৰে লৈ যোৱা হয় হাস্পতাললৈ

সফল উদ্ধাৰ অভিযানক লৈ উৎফুল্লিত দেশবাসী

কেওগৰাকী শ্ৰমিকৰ পৰিয়ালত আনন্দৰ জোঁৱাৰ

প্ৰতিগৰাকী শ্ৰমিকলৈ ১ লাখ টকাৰ আৰ্থিক সাহায্য

ঘোষণা কৰিলে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে

১৭ দিনৰ ৰুদ্ধশ্বাস সময়ৰ সফল সামৰণি পৰিল মঙলবাৰে সন্ধিয়া। উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্কায়াৰা সুৰংগত আবদ্ধ হৈ থকা ৪১ শ্ৰমিকক সুকলমে বাহিৰলৈ আনিবলৈ সক্ষম হ’ল উদ্ধাৰকাৰীৰ দল। দেশৰ লগতে সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ থকা এই উদ্ধাৰ অভিযানৰ সফলতাত স্বস্তিৰ নিশ্বাস পেলালে দেশবাসীয়ে। বিজ্ঞান প্ৰযুক্তিৰ প্ৰয়োগ, আস্থা-বিশ্বাসৰ ওপৰত ভৰষা তথা অভিজ্ঞতাৰ সঠিক ব্যৱহাৰে কাৰ্যতঃ সম্ভৱ কৰি তুলিলে এই উদ্ধাৰ অভিযানৰ সফলতা। মঙলবাৰে সন্ধিয়াৰ ভাগলৈ আটাইকেইজন শ্ৰমিকক উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰা হয়। ২০ খনকৈ এম্বুলেন্স সাজু কৰি ৰখা হৈছিল বিগত কেইবাদিনো ধৰি। ঘটনাস্থলীতে নিৰ্মিত অস্থায়ী স্বাস্থ্য শিবিৰত প্ৰাথমিক চিকিৎসা কৰি গ্ৰীণ কৰিডৰেৰে চিকিৎসালয়লৈ নিয়া হয় আটাইকেইজন শ্ৰমিকক। ১৭ দিনে সুৰংগৰ ভগ্নাৱেশৰ মাজত আবদ্ধ হৈ থাকিও শাৰীৰিক-মানসিকভাৱে যথেষ্ট সুস্থ আৰু সৱল হৈ আছিল আটাইকেজন শ্ৰমিক। শ্ৰমিকসকলৰ সফল উদ্ধাৰৰ পিছত দেশজুৰি আনন্দৰ বন্যা বয়। বিশেষকৈ, আবদ্ধ শ্ৰমিককেইজনৰ পৰিয়ালৰ মাজত সৃষ্টি হয় আৱেগিক পৰিৱেশৰ। আবদ্ধ শ্ৰমিকসকলৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আৰ্থিক সাহায্যৰো ঘোষণা কৰে। প্ৰতিগৰাকী শ্ৰমিকক ১ লাখ টকাকৈ এককালীন সাহায্য দিৱ উত্তৰাখণ্ড চৰকাৰে। শ্ৰমিককেইজনৰ উদ্ধাৰত আনন্দ প্ৰকাশ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি দেশৰ প্ৰতিগৰাকী নাগৰিকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.