অৰ্থনৈতিকআমেৰিকাভাৰতৰাজনৈতিক

ডলাৰক অংগুষ্ঠ প্ৰদৰ্শন মোদী-পুটিনৰ

টকা আৰু ৰুবলত হ'ব ভাৰত-ৰাছিয়াৰ বাণিজ্যিক লেনদেন

মাৰ্কিন ডলাৰক অংগুষ্ঠ প্ৰদৰ্শন মোদী-পুটিনৰ। এতিয়াৰ পৰা টকা আৰু ৰুবলত হ’ব ভাৰত-ৰাছিয়াৰ বাণিজ্যিক লেনদেন। ৯০% বাণিজ্যিক লেনদেনেই হ’ব টকা আৰু ৰুবলত। মাৰ্কিন ডলাৰ এৰি দুয়োখন দেশৰে দ্বিপাক্ষিক লেনদেনক সহজ আৰু নিৰাপদ কৰিবলৈ এই পদ্ধতি বিশাল পৰিসৰত ব্যৱহৃত হ’ব। সচৰাচৰ বিশ্বৰ অধিকাংশ দেশৰে দ্বিপাক্ষিক বাণিজ্যিক লেনদেন মাৰ্কিন ডলাৰত কৰা হয়। ডলাৰৰ তুলনাৰে যিকোনো দেশৰ মুদ্ৰাৰ মুল্যও বিচাৰ কৰা হয়। ৰুছ-ভাৰতৰ বাণিজ্যিক লেনদেনো ইমান দিনে মাৰ্কিন ডলাৰতে হৈছিল। ভাৰতে ৰাছিয়াৰ পৰা তেল, ইউৰিয়া, মেচিনাৰী আদি আমদানিত ডলাৰৰ অস্থিৰতাই সমস্যাৰ সৃষ্টি কৰিছিল। তদুপৰি ড’নাল্ড ট্রাম্পৰ ভাৰতৰ প্ৰতি শত্ৰুতামূলক আচৰণে মোদী চৰকাৰক সমস্যাত পেলাইছিল। টকা-ৰুবলৰ বাণিজ্যিক লেনদেন ব্যৱস্থা সহজ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে পদক্ষেপ লৈছে।ৰাছিয়াৰ ওপৰত পশ্চিমীয়া দেশসমূহৰ নিষেধাজ্ঞা জাৰি হোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় পেমেন্ট নেটৱৰ্কত বহু বাধা সৃষ্টি হৈছিল। এই পৰিস্থিতিত টকা–ৰুবল বাণিজ্য দুয়ো দেশৰ বাবে এক বিকল্প পথ হিচাপে গঢ় লৈ উঠাৰ আশা আছে।
ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনৰ এইবাৰৰ ভ্ৰমণত ৰুছ-ভাৰতৰ মাজত ১০০ বিলিয়ন ডলাৰৰ বাণিজ্যিক চুক্তি সম্পাদিত।
২০৩০লৈ ৰুছ-ভাৰত বাণিজ্যৰ ROAD MAP প্ৰস্তুত। শুকুৰবাৰে মোদী-পুটিনে প্ৰকাশ কৰে ৰুছ-ভাৰতৰ ভিজন-২০৩০। এই বাণিজ্যিক লেনদেনৰ ৯০ শতাংশই টকা আৰু ৰুবলত কৰিব বুলি মোদী আৰু পুটিনে সিদ্ধান্ত লৈছে।
এই দিশত অৱশ্যে প্ৰত্যাহ্বান আছে। শক্তি খণ্ড, কৃষিজ পণ্য, প্ৰতিৰক্ষা সামগ্রী, আৰু ‘মেক ইন ইণ্ডিয়া’ খণ্ডত দীৰ্ঘম্যাদি লেনদেনৰ বাবে দুয়োখন দেশে নতুন মেকানিজম গঢ়ি তুলিব।
ৰুছ-ভাৰতৰ এই সিদ্ধান্তই আমেৰিকাৰ ডলাৰৰ ব্যাপক ক্ষতি কৰাৰ আশংকাই দেখা দিছে। এই সিদ্ধান্তই ড’নাল্ড ট্ৰাম্পক ভাৰত আৰু ৰাছিয়াৰ প্ৰতি অধিক ক্ষুব্ধ কৰি তোলাৰ সম্ভৱনা আছে।ইফালে ভাৰত ৰুচ শীৰ্ষ সন্মিলনৰ কালত মুঠ ৬ বিধ সামগ্ৰী পুটিনক উপহাৰ হিচাপে প্ৰদান কৰে মোদীয়ে। অসমৰ চাহপাত পুটিনক উপহাৰ দিয়ে মোদীয়ে। উপহাৰ হিচাপে প্ৰদান কৰে কাশ্মীৰৰ বিখ্যাত সুগন্ধি মছলা জাফৰান। পুটিনৰ হাতত মোদীয়ে তুলি দিয়া গীতাৰ এটি ৰাছিয়ান সংস্কৰণ লগতে উপহাৰ দিয়ে পশ্চিমবংগৰ ৰুপৰ কাৰুকাৰ্যখছিত টি ছেট।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button