শ্ৰেণীবিহীন

মাছ আৰু টেঙাৰ জোল

কি কি উপকৰণেৰে কেনেকৈ বনাব পাৰি জানেনে?

পকা তেতেলী বুঢ়া বৰালী।
বিস্তৰ কৰি দিবাহা জালি॥
বাঢ়ি দিবা টেঙাৰ ঝোল।
খাবৰ বেলা মুণ্ড নোতোল॥
অৰ্থাৎ পকা তেতেলী আৰু বয়সীয়াল বৰালী মাছৰ ব্যঞ্জন ইমানেই সোৱাদযুক্ত হয় যে খোৱাৰ সময়ত খাওঁতাজনে মূৰ তুলিবৰ আহৰি নাপায়।
মাছ আৰু টেঙাৰ জোল অসমীয়া লোকসকলৰ মাজত পৰম্পৰাগতভাৱে চলি অহা টেঙা উপকৰণেৰে ৰন্ধা মাছৰ একপ্ৰকাৰৰ ব্যঞ্জন। সাধাৰণতে গৰমৰ দিনত মাছৰ টেঙা জোল খোৱাৰ মাদকতাই সুকীয়া । সমগ্ৰ অসমতে এই ব্যঞ্জনবিধ জনপ্ৰিয় । এই জনপ্ৰিয় ব্যঞ্জনবিধ কি কি উপকৰণেৰে কেনেকৈ বনাব পাৰি জানেনে আপুনি ?

Masor Tenga with Lao Bilahi I Rohu fish curry with bottle gourd I Tangy  Tomato Fish Curry - YouTube

কি কি উপকৰণেৰে ৰান্ধিব পাৰি এই ব্যঞ্জন

কৰ্দৈৰ সৈতে মাছৰ আঞ্জা, মাছৰ টেঙা ৰান্ধিবলৈ অসমীয়া লোকসকলে সৰু বা ডাঙৰ দুয়োবিধ মাছেই ব্যৱহাৰ কৰিব পাৰে । সাধাৰণতে কুঁঢ়ি, কান্ধূলি, ৰৌ, কাৱৈ আদি মাছৰ সৈতে এই ব্যঞ্জন ৰান্ধিব পাৰে । ইয়াৰ লগত টেঙা উপাদান হিচাপে সাধাৰণতে টেঙামৰা পাত, মধুসোলেং, থেকেৰা, কণ বিলাহী, তেঁতেলী আদিৰে ৰান্ধিব পাৰে । কৰ্দৈ, বগৰী, অমৰা, জলফাই, চাঙেৰী টেঙা, ঔটেঙা আদি ফলো ব্যৱহাৰ কৰি ৰান্ধিব পাৰে । কোনো কোনো ক্ষেত্ৰত কাজিনেমুৰ ৰসো টেঙা গুণ আৰু সুগন্ধিৰ বাবে যোগ কৰিব পাৰে । কেঁচা তেঁতেলী প্ৰধানকৈ ডাঙৰ মাছৰ মূ্ৰৰ সৈতে ৰান্ধি খাব পাৰি । আলু সিজাই থেকেৰাৰ লগত টেঙা জোল ৰান্ধি উতল অহাৰ পিছত যিকোনো বাকলি থকা মাছ ভাজি তাত দি ব্যঞ্জনবিধ ৰান্ধিব পাৰি । বিলাহীৰ সৈতে সৰু বা ডাঙৰ মাছৰ জোল ৰান্ধি খাই চাবচোন এবাৰ । পকা শুকান বগৰী খুন্দি তাক মাছৰ লগত টেঙাৰ জোল কৰি খাবও পাৰি ।

মাছেৰে ঔ টেঙাৰ টেষ্টি ৰেচিপি Ou Tenga Masor Recipe | Elephant Apple with  Fish Recipe

কেনেকৈ ৰান্ধিব মাছ আৰু টেঙাৰ জোল

মাছ আৰু টেঙাৰ জোল ৰান্ধিবলৈ মাছবোৰ টুকুৰা কৰি ভাজি লোৱা হয়। ইয়াৰ পিছত তেলত পিঁ‌য়াজ, নহৰু, কেঁ‌চা জলকীয়া আদি দি টেঙা উপকৰণ যেনে বিলাহী, কৰ্দৈ আদি দি জোল ৰন্ধা হয়। পিছত ইয়াত ভজা মাছখিনি যোগ কৰি উতলিবলৈ দিয়া হয়। এনেদৰে কিছুসময় উতলোৱাৰ পিছত মাছৰ টেঙা ভাতৰ সৈতে পৰম তৃপ্তিৰে খাব পাৰিব আপুনিও ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − two =

Back to top button