অসমদৈনিক বাতৰি

বৰমাত সৌন্দৰ্য্য বৃদ্ধি কৰিছে হাজাৰ হাজাৰ বগলীয়ে, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা বগলীবোৰে যেন সেউজীয়া বাহনিৰ মাজত আঁকি দিয়ে শুভ্ৰ দলিছা

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা বগলীবোৰে যেন সেউজীয়া বাহনিৰ মাজত আঁকি দিয়ে শুভ্ৰ দলিছা

সোণত সুৱগা চৰাই বাক্সাৰ বৰমা পূৱ চ’কৰ বাহনি ডৰালৈ জাক জাক বগলীয়ে প্ৰকৃতি প্ৰেমী লোকলকললৈ কঢ়িয়াই আনিছে আনন্দ। অজান ঠাইৰ পৰা বিভিন্ন প্ৰজাতিৰ বগলীবোৰ আহে বৰমা পুৱ চ’কৰ স্থানীয় লোকৰ বাহনিৰ মাজলৈ। । প্ৰকৃতিৰ বুকুত সৌন্দৰ্য্য সানি বগলীবোৰে আপোন পাহৰা হয়। পথচাৰীয়ে ৰৈ ৰৈ চায় পোৱালিবোৰক খাদ্য খুওৱা দৃশ্য । জীৱ শ্ৰেষ্ঠ মানৱক দেখুৱাই দিয়ে আত্মীয়তাবোৰ কেনেকৈ গঢ়ে। জীৱ শ্ৰেষ্ঠ মানুহে কেতিয়াবা কেতিয়াবা বগলীবোৰ মাৰিব আহে যদিও স্থানীয় লোকৰ সচেতনতাৰ বাবে তেনে কাম কৰিব নোৱাৰে। বৰমাত বগলী সংৰক্ষণত স্থানীয় ৰাইজৰ সচেতনতাৰ বাবে কোনো চিকাৰীয়ে বগলী হত্যা কৰিব পৰা নাই। এই বগলীবোৰ ছয়মাহ মান থাকি অজান ঠাইলৈ গুচি যায় আৰু ছমাহ পিছত আহে। এনেকৈ বছৰ বছৰ ধৰি ৰাইজক আমোদ দি আহিছে বগলীবোৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 5 =

Back to top button