পৰিৱেশবতৰভাৰত

মায়ানগৰী মুম্বাইত শোকাৱহ ঘটনা! মৃত্যু ১১ জন

মুষলধাৰ বৰষুণত চাৰি মহলীয়া ব্লিডিং হঠাতে ভাঙি শিশু আৰু মহিলাৰ মৃত্যু

মায়ানগৰী মুম্বাইত শোকাৱহ ঘটনা৷ পুৱতি নিশা হঠাতে ভাঙি পৰে এটা চাৰিমহলীয়া অট্টালিকা৷ মৃত্যু হয় এঘাৰজন আৰু আহত হয় ১৩ জনকৈ লোক৷ আহতসকলৰ অধিকাংশই শিশু আৰু মহিলা৷ যোৱা কিছুদিন  ধৰি মুম্বাইত মুষলধাৰ বৰষুণ দি থকাৰ মাজতে আজি পুৱতি নিশা মালাৰ অঞ্চলত এটা চাৰি মহলীয়া ব্লিডিং হঠাতে ভাঙি পৰে৷

   বিধস্ত বিল্ডিঙৰ ভগ্নাৱশেষৰ মাজৰ পৰা এঘাৰটা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তেৰটাকৈ শিশু আৰু মহিলাক জীৱন্তে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰে দু্ৰ্যোগ প্ৰশমনৰ উদ্ধাৰকাৰী দলে৷ ঘটনাথলীলৈ যোৱা পথছোৱা ঠেক হোৱা বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দলে৷ অভিযোগ অনুসৰি বিধ্বস্ত ব্লিডিংটো অবৈধভাৱে নিৰ্মিত আছিল৷ একেদৰে অঞ্চলটোৰ প্ৰায়বোৰ বিল্ডিঙৰে অৱস্থা তথৈৱচ৷ পুনৰ এনে দুৰ্ঘটনা ঘটাৰ আশংকা কৰিছে স্থানীয়লোকে৷ মহাৰাষ্ট্ৰ চৰকাৰে সমস্ত ঘটনাৰ সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + sixteen =

Back to top button