বিবাহ বাৰ্ষিকী উদযাপন কৰিবলৈ গৈ মৃত্যুক সাৱটিলে জ্যেষ্ঠ অধিবক্তা নিলয় দত্তই, মৃত্যুৰ পূৰ্বে শ্বেয়াৰ কৰিছিল এই পোষ্ট…
কৰ্ণাটকবিবাহ বাৰ্ষিকী উদযাপন কৰাৰ সময়ত মৃত্যু হয় নিলয় দত্তৰ
জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ দেহাৱসান। দেওবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে অধিবক্তাগৰাকীয়ে।
নিশা ২.৩০ বজাত হৃদযন্ত্ৰ বিকল হৈ মৃত্যুক সাবটি লয় নিলয় দত্তই। কৰ্ণাটকৰ কোৰ্গলৈ পৰিয়ালৰ সৈতে ৪৬ সংখ্যক বিবাহ বাৰ্ষিকী উদযাপন কৰিবলৈ গৈছিল অধিবক্তাগৰাকী। হৃদযন্ত্ৰ বিকল হোৱাত মৃত্যুক সাবটি লয় নিলয় দত্তই। কৰ্ণাটকতে সম্পন্ন কৰা হ’ব শেষকৃত্য।
কৰ্ণাটকৰ ইভ’ভল্ভ বেক ৰিজ’ৰ্টত পত্নীৰ সৈতে বিবাহ বাৰ্ষিকী উদযাপন কৰাৰ সময়ত টুইটাৰযোগে তেওঁ শ্বেয়াৰ কৰিছিল এই ফটো-
And the celebrations continue courtesy The Evolve Back Resort in Coorg amongst the coffee bushes under the Rosewood trees. pic.twitter.com/lDT3q9kZJP
— Nilay Dutta (@nilaydutta) September 18, 2021
নিলয় দত্তৰ মৃত্যু ৰাজ্যৰ আইনৰ জগত খনৰ লগতে সুধিসমাজৰ বাবে এয়া এক বৃহৎ ক্ষতি। কেৱল আইন জগতৰ লগতে নহয়, ক্ৰিকেট জগতৰ লগতো বিশেষভাৱে জড়িত আছিল নিলয় দত্ত। নিলয় দত্তৰ বিয়োগত এতিয়া শোক প্ৰকাশ কৰিছে সকলোৱে।

