খেল

ভাৰতীয় ক্ৰিকেট দলৰ বাবে সুখবৰ, ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক হ’ব ৰাহুল দ্ৰাবিড়…

২০১৮ চনৰ ক্ৰিকেট বিশ্ব কাপত Under-19 দলক প্ৰশিক্ষণ দিয়া ৰাহুল দ্ৰাবিড়ে ইয়াৰ পূৰ্বেও মুখ্য প্ৰশিক্ষক হিচাপে দিয়া বহুকেইটা অফাৰ প্ৰত্যাখ্যান কৰিছে।

ভাৰতীয় ক্ৰিকেট সন্থাৰ নতুন প্ৰশিক্ষক হ’ল ৰাহুল দ্ৰাবিড়। শুকুৰবাৰে, IPLৰ ফাইনেলত ভাৰতীয় চিনিয়ৰ ক্ৰিকেট টীমৰ প্ৰশিক্ষক হোৱাৰ কথা ঘোষণা কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

BCCIৰ সভাপতি সৌৰভ গাংগুলী আৰু সম্পাদক জয় শ্বাহে ৰাহুল দ্ৰাবিড়ৰ সৈতে হোৱা সভাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে ৰাহুল দ্ৰাবিড়ে ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হোৱাৰ কথা নিশ্চিত কৰিছে। এতিয়াৰে পৰা ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক হ’ব ৰাহুল দাবিড়।

ওমান আৰু UAEত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পাছতে ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব ল’ব ৰাহুল দ্ৰাবিড়ে। ৰাহুল দ্ৰাবিড়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে ৰবি শাস্ত্ৰীয়েও এৰিব মুখ্য প্ৰশিক্ষকৰ পদ।

উল্লেখ্য যে, ২০১৮ চনৰ ক্ৰিকেট বিশ্ব কাপত Under-19 দলক প্ৰশিক্ষণ দিয়া ৰাহুল দ্ৰাবিড়ে ইয়াৰ পূৰ্বেও মুখ্য প্ৰশিক্ষক হিচাপে দিয়া বহুকেইটা অফাৰ প্ৰত্যাখ্যান কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.