অপৰাধধৰ্মীয়ৰাজনৈতিক

সাম্প্ৰদায়িক সংঘাতত কঁপিছে বাংলাদেশ! হত্যাৰ বলি হ’ল ২জন হিন্দু লোক

সম্প্ৰদায়ক লৈ অশান্ত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ

সাম্প্ৰদায়িক সংঘাতত কঁপিছে বাংলাদেশ। সম্প্ৰদায়ক লৈ অশান্ত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ।
মুছলমান অধ্যুষিত ৰাষ্ট্ৰখনত ইছলাম সম্প্ৰদায়ৰ লোকৰ হত্যাৰ বলি দুজন হিন্দু লোক।
বুধবাৰে দুৰ্গা পূজা উদযাপনৰ সময়ত হিন্দু দেৱীৰ চৰণত ইছলাম সম্প্ৰদায়ৰ লোকৰ ধৰ্মীয় গ্ৰন্থ কোৰাণ ৰখাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে বাংলাদেশ।
আনকি শুকুৰবাৰে, বিজয়া দশমীৰ দিনা বাংলাদেশৰ বেগুমগঞ্জত শতাধিক মুছলমান লোকে প্ৰাৰ্থনাৰ অন্তত এক শোভাযাত্ৰা উলিয়ায়। দুই শতাধিক প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰে হিন্দু মন্দিৰত। প্ৰতিমা বিসৰ্জনৰ পূৰ্বে মন্দিৰত গোট খোৱা হিন্দু লোকসকলক অতৰ্কিতে আক্ৰমণ কৰে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীৰ আক্ৰমণত থিতাতে মৃত্যুক সাৱটি ল’বলগীয়া হয় এজন লোকে।
আনহাতে, শনিবাৰে পুৱা মন্দিৰৰ সমীপত থকা এটা পুখুৰীৰ কাষতে উদ্ধাৰ কৰা হয় আন এজন হিন্দু লোকৰ মৃতদেহ।
উল্লেখ্য যে, বাংলাদেশত এতিয়া পৰ্যন্ত সাম্প্ৰদায়িক সংঘাতৰ ফলত ১৫০জন হিন্দু লোক আহত হৈছে।
অৱশ্যে, হিন্দু-বিৰোধী হিংসাত জৰ্জৰ বাংলাদেশৰ এই সমস্যাৰ কি সমাধানসূত্ৰ ওলাব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + fifteen =

Back to top button