leatest updateSocialভাৰতমনোৰঞ্জন

আহি আছে Khatron Ke Khiladi-13; প্ৰকাশ পালে KKK-13ৰ খেলুৱৈৰ নাম।

শ্ব'টোৰ পৰিচালক ৰোহিত শ্বেট্টীয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে প্ৰতিযোগীৰ তালিকাৰ নাম।

অপেক্ষাৰ অন্তত অৱশেষত আপোনালোকৰ বাবে শীঘ্ৰেই আহি আছে টেলিভিছনৰ জনপ্ৰিয় দুঃ সাহসিক শ্ব’ ‘খতৰো কে খিলাড়ী ছিজন-১৩’। এইবাৰ ‘খতৰো কে খিলাড়ী’ত কোন কোন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব তাক লৈ এতিয়া অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উৎসোকতা। ইতিমধ্যে প্ৰকাশ পাইছে KKK-13-ৰ প্ৰতিযোগীৰ নাম আৰু সম্প্ৰচাৰৰ তাৰিখ। শ্ব’টোৰ পৰিচালক ৰোহিত শ্বেট্টীয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে প্ৰতিযোগীৰ তালিকাৰ নাম। আৰু লগতে তেওঁ কৈছে যে- এইবাৰ KKK-13-ৰ শ্ব’ টো আৰু অধিক বিপদজনক হ’ব।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈ সকলৰ তালিকাত আছে Big Boss 16-ৰ সৌন্দৰ্য শৰ্মা, অৰ্চনা গৌতম, প্ৰিয়ংকা চহৰ চৌধুৰী আৰু শিৱ থাকৰে। আমহাতে Big Boss 13-ৰ অসীম ৰিয়াজ, টিভি অভিনেত্ৰী দিশা পৰমাৰ, কমেডিয়ান অৰু লক আপ শ্ব’ৰ বিজয়ী মুনাৱাৰ ফাৰুকী, টিভি অভিনেত্ৰী সনায়া ইৰাণী, অভিনেতা প্ৰিন্স নাৰুলা, ছ’চিয়েল মিডিয়াৰ তৰকা অঞ্জলি অৰোৰা, শ্বালিন ভানোট, অভিনীত কৌৰৰ লগতে চৰ্চালৈ অহিছে জনপ্ৰিয় অভিনেতা মকুল মেহতাৰ নাম।

উল্লেখ্য যে, সংবাদ মাধ্যমৰ খবৰ অনুসৰি ১৩ জুলাইৰ পৰা KKK-13ৰ শ্ব’ আৰম্ভ হোৱাৰ কথা উল্লেখ কৰিছে যদিও বৰ্তমান লৈকে শ্ব’টোৰ মেকাৰ সকলে এই খবৰ প্ৰকাশ কৰা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 4 =

Back to top button