leatest updateঅভিনয়অসমগুৱাহাটীদৈনিক বাতৰিবলিউডবোলছবিভাৰতমনোৰঞ্জন

বিপদত ছুপাৰষ্টাৰ চলমান খান! কাৰগাৰৰ পৰাই হত্যাৰ ভাবুকি দিলে গেংষ্টাৰ লৰেঞ্চ বিষ্ণৈয়ে !!!

পুনৰ চলমান খানক ভাবুকি গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ।

পুনৰ চলমান খানক ভাবুকি গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ।পূৰ্বে চলমান খানক কৃষ্ণসাৰ হৰিণ চোৰাং চিকাৰৰ গোচৰৰ বাবে ক্ষমা বিচাৰিবলৈ কৈছিল লৰেঞ্চ বিষ্ণোই।কিন্তু চুপাৰষ্টাৰজনে ক্ষমা নোখোজাত পুনৰ ভাবুকি বিষ্ণৈৰ।

লৰেন্সে কয়, “চলমান খানৰ বাবে আমাৰ সমাজত খং আছে। তেওঁ মোৰ সমাজক অপমানিত কৰিছিল। তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল কিন্তু তেওঁ ক্ষমা বিচৰা নাছিল। যদি তেওঁ ক্ষমা নিবিচাৰেপৰিণামৰ সন্মুখীন হবলৈ সাজু হওঁক। মই আন কাৰো ওপৰত নিৰ্ভৰ নকৰোঁ।”

তেওঁ লগতে উল্লেখ কৰে যে তেওঁ সৰুৰে পৰা চলমান খানৰ ওপৰত খং কৰিছিল “অতি সোনকালে চলমান খানৰ অহংকাৰ ভাঙিব। তেওঁ আমাৰ দেৱতাৰ মন্দিৰলৈ আহি ক্ষমা বিচাৰিব লাগে। যদি আমাৰ সমাজে ক্ষমা কৰেতেন্তে মই একো নকওঁ।”

উল্লেখ্য যে যোৱা বছৰৰ নৱেম্বৰতচৰকাৰে অভিনেতাজনৰ নিৰাপত্তা ৱাই+ শ্ৰেণীলৈ উন্নীত কৰে। ইয়াৰ আগতেগেংষ্টাৰ জনে কৈছিল যে ”চলমান খান আৰু তেওঁৰ দেউতাক চেলিম খানে জাম্বাজী মন্দিৰত ক্ষমা বিচাৰিব লাগিবঅন্যথাতেওঁলোকক বিষ্ণোই হত্যা কৰিব।”   

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.