AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীভাৰতৰাজনৈতিক

সভাপতি ভৱেশ কলিতাৰ অধ্যক্ষতাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচন প্ৰবন্ধন সমিতি গঠন…..

আগন্তুক লোকসভা নিৰ্বাচন অধিক সুচাৰুভাৱে পৰিচালনা কৰাৰ উদ্দেশ্য ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় সমিতিৰ অনুমোদনমৰ্মে ভৱেশ কলিতাৰ অধ্যক্ষতাত ৩৬ খন উপ সমিতিৰ এখন তালিকা প্ৰকাশ কৰিছে। প্ৰতিখন সমিতিতে দলৰ অভিজ্ঞ ব্যক্তিক আহ্বায়ক আৰু সহ আহ্বায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে। দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত কোৱা হয় যে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়কৰ দায়িত্ব প্ৰদান কৰাৰ লগতে সাধাৰণ সম্পাদক পুলক গোহাঁই, সম্পাদক কৰ্ণাড পুৰকায়স্থ আৰু দিলীপ দাসক সহ আহ্বায়কৰ দায়িত্ব প্ৰদান কৰিছে। আগন্তুক লোকসভা সম্পৰ্কীয় সকলো কামকাজ নিৰ্বাচনৰ প্ৰবন্ধন সমিতিয়ে তদাৰক কৰিব। উল্লেখযোগ্য যে একেধৰণৰ সমিতি প্ৰতিটো লোকসভা আৰু বিধানসভা ভিত্তিত গঠন কৰা হৈছে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.