অসমদৈনিক বাতৰিভাৰত

প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত স্থান পালে ৰংঘৰে, ইতিহাসৰ বহু ঘটনা-পৰিঘটনাৰে নিশা ৰংঘৰত প্ৰদৰ্শন কৰা হ’ব লাইট শ্ব’

প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত স্থান পালে ৰংঘৰে, ইতিহাসৰ বহু ঘটনা-পৰিঘটনাৰে নিশা ৰংঘৰত প্ৰদৰ্শন কৰা হ’ব লাইট শ্ব’

প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত স্থান পালে ৰংঘৰে। পোহৰৰ মায়াজালত শব্দৰ যাদুৰ বাৰেৰহণীয়া অনুষ্ঠান। নিশা আলোকসজ্জাৰে উজলিব ৰংঘৰৰ বাকৰি। দেশৰ ১৩ স্থানত একেই অনুষ্ঠানৰ আয়োজন সাংস্কৃতিক মন্ত্ৰালয়ৰ। উল্লেখ্য যে কাইলৈ অৰ্থাৎ ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীৰ ‘মন কী বাত’ৰ ১০০টা খণ্ড সম্পূৰ্ণ হ’ব। এই উদ্দেশ্যেৰে আজি নিশা শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত পোহৰৰ মায়াজালত শব্দৰ যাদুৰে প্ৰদৰ্শিত হ’ব মন কী বাতৰ বাছনিভুক্ত বিষয়।

সন্ধিয়া ৫ বজাৰ পৰা জনসাধাৰণৰ প্ৰৱেশ মুকলি কৰা হ’ব। সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব আলোকসজ্জা আৰু শব্দৰ যাদু। ইতিহাসৰ বহু ঘটনা-পৰিঘটনাৰে নিশা প্ৰদৰ্শন কৰা হ’ব লাইট শ্ব’। ইয়াক চাবলৈ কোনো মাচুল দিব নালাগে। এক স্মৰণীয় মুহূৰ্তৰ সাক্ষী হ’ব শিৱসাগৰবাসীৰ লগতে দেশবাসী।

দিল্লীৰ লালকিল্লাৰ লগতে প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়তো হ’ব একেই অনুষ্ঠান। ইয়াৰ লগতে ৩০ এপ্ৰিলত সাংস্কৃতিক মন্ত্ৰালয়ে দিল্লীৰ নেচনেল গেলাৰী অৱ মডাৰ্ণ আৰ্টত ১২টা বিভিন্ন বিষয়বস্তুৰে দেশৰ ১২গৰাকী বিশিষ্ট শিল্পীয়ে অংকন কৰা ছবি প্ৰদৰ্শনি মুকলি কৰিব। ১২ টা ভাষালৈ অনুবাদসহ প্ৰকাশ হ’ব অসম চিত্ৰ কথাও।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 4 =

Back to top button