অসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰত

দেশত ছ’চিয়েল মিডিয়া ছেনচৰৰ চাঞ্চল্যকৰ তথ্য, WASHINGTON POSTৰ সাংবাদিকৰ গুৰুতৰ অ‍ভিযোগ

দেশত ছ’চিয়েল মিডিয়া ছেনচৰৰ চাঞ্চল্যকৰ তথ্য

WASHINGTON POSTৰ সাংবাদিকৰ গুৰুতৰ অ‍ভিযোগ

‘গোপন বৈঠক’ত নিৰ্ণয় হয় ছ’চিয়েল মিডিয়াৰ CONTENT

TWITER, FACEBOOK, Youtubeক কাবু ভাৰত চৰকাৰৰ

‘69-A’ বৈঠকত দাখিল হয় আপত্তিজনক CONTENTৰ তালিকা

তালিকা অনুসৰি আঁতৰোৱা হয় এই CONTENT সমূহ

ৱাশ্বিংটন পোষ্টৰ বাতৰি মতে, টুইটাৰ, ফেচবুক আৰু ইউটিউব আদি টেক’লজী প্ৰতিষ্ঠানৰ শীৰ্ষ কাৰ্যবাহীসকলে প্ৰত্যেক দ্বিতীয় সপ্তাহত এক গোপন বৈঠকত মিলিত হয় ভাৰতীয় বিষয়াৰ সৈতে। গোপন সূত্ৰৰ উদ্ধৃতি দি ৱাশ্বিংটন পোষ্টৰ বাতৰিটোত উল্লেখ কৰা মতে  এই গোপন বৈঠকক 69-A বুলি অভিহিত কৰা হয়। ভাৰতীয় IT ACTৰ 69-A ধাৰাৰ আলমতে এই বৈঠকৰ নাম 69-A বুলি অভিহিত কৰে। এই ধাৰা অনুসৰি বিশেষ পৰিস্থিতিত ভাৰত চৰকাৰে কিছুমান তথ্য প্ৰকাশত বাধা আৰোপ কৰিব পাৰে। বাতৰিটোৰ মতে, 69-A বৈঠকত টেকন’লজী প্ৰতিষ্ঠানসমূহৰ শীৰ্ষ কাৰ্যবাহীৰ সৈতে ভাৰত চৰকাৰৰ তথ্য, প্ৰদ্যোগিক, সুৰক্ষা আৰু গুপ্তচৰ সংস্থাসমূহৰ বিষয়ববীয়াসকল মিলিত হয়। প্ৰতি দ্বিতীয় সপ্তাহত অনুষ্ঠিত এই বৈঠকত ভাৰতীয় বিষয়াসকলে এখন তালিকা শীৰ্ষ কাৰ্যবাহীসকলক প্ৰদান কৰে আৰু এই তালিকাত সন্নিৱিষ্ট CONTENTসমূহ ভাৰতৰ একতা, অখণ্ডতা আৰু সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি উল্লেখ কৰি সেইবোৰ আঁতৰোৱাৰ কাৰণে আহ্বান জনায়। সকলোতকৈ বেছি পোষ্ট টুইটাৰৰ পৰা আঁতৰোৱাৰ বাবে দাবী উত্থাপন কৰা হয়। যদিহে এই পোষ্টবোৰ আঁতৰোৱা নহয় তেতিয়াহ’লে উক্ত ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠানৰ শীৰ্ষ কাৰ্যবাহীক জে’ললৈ প্ৰেৰণৰ দৰে ভাবুকি দিয়ে বুলিও ৱাশ্বিংটন পোষ্টৰ বাতৰিত প্ৰকাশ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − four =

Back to top button