বলিউড

মুকলি আকাশৰ তলত আৰিয়ান, গৌৰী-শ্বাহৰুখৰ মুখত সন্তুষ্টিৰ হাঁহি…

শুকুৰবাৰে জামিন লাভ কৰে আৰিয়ান খানে। ইয়াৰ পূৰ্বে দুবাৰকৈ জামিন নাকচ হৈছিল আৰিয়ানৰ। মুম্বাই মেজিষ্ট্ৰেট ক'ৰ্ট আৰু স্পেচিয়েল এন্টি ড্ৰাগছ ক'ৰ্টে দুবাৰকৈ জামিন আবেদন নাকচ কৰিছিল আৰিয়ান খানৰ। শুকুৰবাৰে আৰিয়ানে জামিন লাভ কৰাত সকলোৰে মুখত বিৰিঙিল সন্তুষ্টিৰ হাঁহি।

২৮ দিনৰ অন্তত মুকলি আকাশৰ তললৈ কিং খানৰ পুত্ৰ আৰিয়ান খান। শনিবাৰে পুৱা মুম্বাইৰ আৰথাৰ ৰ’ড জে’লৰ পৰা মুকলি কৰি দিয়া হয় বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক।

২ অক্টোবৰত ক্ৰুইজ জাহাজত ৰেভ পাৰ্টী কৰাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান। আৰিয়ানৰ লগতে তেওঁৰ বন্ধুকো জাহাজৰ পৰা গ্ৰেপ্তাৰ কৰিছিল NCBয়ে।

শুকুৰবাৰে জামিন লাভ কৰে আৰিয়ান খানে। ইয়াৰ পূৰ্বে দুবাৰকৈ জামিন নাকচ হৈছিল আৰিয়ানৰ। মুম্বাই মেজিষ্ট্ৰেট ক’ৰ্ট আৰু স্পেচিয়েল এন্টি ড্ৰাগছ ক’ৰ্টে দুবাৰকৈ জামিন আবেদন নাকচ কৰিছিল আৰিয়ান খানৰ। শুকুৰবাৰে আৰিয়ানে জামিন লাভ কৰাত সকলোৰে মুখত বিৰিঙিল সন্তুষ্টিৰ হাঁহি।

আৰিয়ান খানৰ মুক্তিৰ খবৰ পাই শ্বাহৰুখ খানৰ বাসগৃহৰ সন্মুখত ভিৰ কৰিলে অনুৰাগীয়ে। সকলোৱে ছ’চিয়েল মিডিয়াত শুভকামনাৰে ওপচাই পেলাইছে কিং খানক। ৩ সপ্তাহৰ কাৰাবাসৰ পিছত পৰিয়ালৰ সৈতে মিলিত হ’ল আৰিয়ান। আৰিয়ানক চাবলৈ কিং খানৰ বাসগৃহ ‘মন্নত’ৰ বাহিৰতো ভিৰ কৰিছে অনুৰাগীয়ে।

অৱশ্যে, মুম্বাই উচ্চ ন্যায়ালয়ে আৰিয়ানক জামিন প্ৰদান কৰিছে যদিও বান্ধি দিছে ১৪টা চৰ্ত। আৰক্ষীক নজনোৱাকৈ মুম্বাই এৰি যাব নোৱাৰিব আৰিয়ান খান। প্ৰত্যেক সপ্তাহৰ শুকুৰবাৰে NCBৰ কাৰ্য্যালয়ত উপস্থিত হ’ব লাগিব আৰিয়ান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.