অপৰাধভাৰত

ধৰ্ষণকাৰী ৰাম, অযোধ্যাত কালিমা সানিলে কোনে…!

খেল খেলি কেইবাঘণ্টাৰ পাছতো ঘৰলৈ উভতি নহা কণমানিজনীক বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় পৰিয়ালৰ লোকৰ মাজত।

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে অযোধ্যা। লুকা-ভাকু খেলি থাকোতেই লম্পটৰ কামনাৰ বলি এজনী সাত বছৰীয়া কণমানি। সমনীয়াৰ সৈতে লুকা-ভাকু খেলি থাকোতে কণমানি জনীক নিজান ঠাইলৈ নি এই জঘণ্য কাণ্ড সংঘটিত কৰে ৰাম মাঝি নামৰ লম্পটটোৱে।

 

বুধবাৰে লগৰীয়াৰ সৈতে লুকা-ভাকু খেলি থাকোতে সংঘটিত হয় এই মানৱ সমাজক লজ্জিত কৰা ঘটনা। খেল খেলি কেইবাঘণ্টাৰ পাছতো ঘৰলৈ উভতি নহা কণমানিজনীক বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় পৰিয়ালৰ লোকৰ মাজত। সকলোৰে বিচাৰ খোচাৰৰ অন্ত পেলাই বুধবাৰে নিশা কেঁচা তেজৰ ডোঙাত উদ্ধাৰ হয় ৭ বছৰীয়া কণমানিজনী।
সংকটজনক অৱস্থাত কণমানিজনীক ততাতৈয়াকৈ লৈ যোৱা স্থানীয় চিকিৎসালয়লৈ। কিন্তু যথেষ্ট পৰিমাণে ৰক্তক্ষয় হোৱাৰ বাবে বৰ্তমান কণমানিজনীৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে।

 

পৰৱৰ্তী সময়ত আৰক্ষীয়ে CCTV’ৰ সহায়েৰে ধৰ্ষণকাৰী ৰাম মাঝিক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰে। কিন্তু এইখিনিতে প্ৰশ্ন হয়, আৰু কিমান দিন? শিক্ষাই পোখা মেলা সমাজত আৰু কিমান দিন নিৰ্যাতনৰ বলি হ’ব লাগিব নাৰী অথবা শিশু!

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 1 =

Back to top button