অপৰাধ

কি গোচৰত চাৰি বছৰৰ বাবে কাৰাগাৰৰ আলহী হ’ল হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী…

২০১০ চনৰ ২৬ মাৰ্চত দাখিল কৰা চাৰ্জশ্বীট অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বৈধ আয়তকৈ অসমতাপূৰ্ণ আয় আছিল ৬.০৯ কোটি টকা।

কাৰাগাৰলৈ হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালা। শুকুৰবাৰে, দিল্লী আদালতে চাৰি বছৰৰ কাৰাদণ্ড বিহে চৌতালাক। ওম প্ৰকাশ চৌতালাৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰ। ১৯৯৩ৰ পৰা ২০০৬লৈ অসমতাপূৰ্ণ সম্পত্তি অধিগ্ৰহণ কৰিছিল চৌতালাই।

 

২০০৫ চনতে চৌতালাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। ২০১০ চনৰ ২৬ মাৰ্চতেই চৌতালাৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে দাখিল কৰা হৈছিল চাৰ্জশ্বীট। আয়তকৈ বেছি সম্পত্তি থকাৰ অভিযোগ চৌতালাৰ বিৰুদ্ধে। ২০১০ চনৰ ২৬ মাৰ্চত দাখিল কৰা চাৰ্জশ্বীট অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বৈধ আয়তকৈ অসমতাপূৰ্ণ আয় আছিল ৬.০৯ কোটি টকা।

 

চলিত বৰ্ষত ২১ মে’ত বিশেষ ন্যায়াধীশ বিকাশ ধুলে তেওঁক দোষী সাব্যস্ত কৰে। ওম প্ৰকাশ চৌতালাক বিহা হৈছে ৫০ লাখ টকাৰ জৰিমনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + eleven =

Back to top button