অপৰাধ

অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা গুণ্ডাক গ্ৰেপ্তাৰ

এই ক’লা গুণ্ডাৰ নেতৃত্বতে অনিমেষৰ ওপৰত চলিছিল আক্ৰমণ

অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা গুণ্ডাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ক’লা গুণ্ডা ওৰফে নীৰজ দাসক। ক’লা গুণ্ডাক গ্ৰেপ্তাৰৰ পিছত ১৩জনলৈ বৃদ্ধি পালে হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা।

ঘটনাৰ পিছৰে পৰা পলাতক হৈ থকা ক’লা গুণ্ডাক বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে। অৱশেষত জালত পৰিল ক’লা গুণ্ডা।

উল্লেখযোগ্য সোমবাৰে যোৰহাট নগৰৰ মাজমজিয়াতে এজন ছাত্ৰ নেতাক এই ক’লা গুণ্ডাৰ নেতৃত্বত এটা গুণ্ডা বাহিনীৰ দলে অতি নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল।

দিন দুপৰতে নগৰৰ মাজ মজিয়াত উন্মত্ত দলটোৱে হত্যা কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.