![আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি](https://prathamkhabartv.com/wp-content/uploads/2022/08/sankardev2.jpg)
“জয় গুৰু শংকৰ সৰ্ব গুণাকৰ
জাকেৰি নাহিকে উপাম
তোহাৰি চৰণে ৰেণু শত কৌটি
বাৰেক কৰোহোঁ প্ৰণাম”
আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি। তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক আয়োজন। পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। ভক্তি ৰসেৰে জীপাল সমগ্ৰ ৰাজ্য।
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাতো পুৱাৰে পৰা বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশ। গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বটদ্ৰৱা থানত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় গুৰু-কীৰ্তনৰ। সত্ৰনগৰী বৰপেটাতো গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে আয়োজন কৰা হৈছে কীৰ্তন মহোৎসৱৰ।
আজিৰ দিনটোতে কোচবিহাৰত মহাপ্ৰয়াণ ঘটিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ। অসমীয়া জাতিক ঐক্য-সংহতিৰ ডোলেৰে বান্ধি ৰাখিছিল গুৰুজনাই।
এই উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীতো পালন কৰা হৈছে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি৷ মাজুলীৰ প্ৰায় ৩৬ খন সত্ৰ আৰু প্ৰায় তিনি শতাধিকতকৈ অধিক নামঘৰত পুৱাৰে পৰা হৰি নামৰ ধ্বনি আৰু নাম-প্ৰসংগেৰে ভকত বৈষ্ণৱ আৰু আইমাতৃৰ কণ্ঠত বৈছে ভক্তি ৰসৰ নিজৰা।