Socialঅসম

আৰক্ষীৰ লাঠিৰ কোবৰ পৰা বাচিবলৈ হেলমেট পিন্ধি চন্দ্ৰপুৰবাসীৰ অভিনৱ প্ৰতিবাদ

চন্দ্ৰপুৰ বেংক তিনিআলিত ৰাতিপুৱা ৯ বজাৰে পৰা সত্যাগ্ৰহ কাৰ্যসূচীৰে প্ৰতিবাদত বহিছে ৰাইজ

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল আৰু আৱৰ্জনা জমা কৰা কাম বন্ধ কৰাৰ দাবীত সত্যাগ্ৰহত বহে চন্দ্ৰপুৰবাসী।

মূৰত হেলমেট আৰু ক’লা বেজ পৰিধান কৰি অভিনৱ প্ৰতিবাদ সাৱ্যস্ত কৰিলে চন্দ্ৰপুৰবাসীয়ে। বৃহস্পতিবাৰে চন্দ্ৰপুৰ বেংক তিনিআলিত ৰাতিপুৱা ৯ বজাৰে পৰা সত্যাগ্ৰহ কাৰ্যসূচীৰে প্ৰতিবাদত বহিছে ৰাইজ।

উল্লেখ্য যে, বুধবাৰে দিনৰ ভাগত গণতান্ত্ৰিক প্ৰতিবাদ কৰা প্ৰতিবাদী ৰাইজৰ ওপৰত আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ চলাইছিল। প্ৰতিবাদকাৰীক লাঠী চার্জ কৰাৰ লগতে প্ৰতিবাদীক ডিঙিত ধৰি চোঁচৰাই নি প্ৰতিবাদ মষিমূৰ কৰাৰ চেষ্টা চলাইছিল অসম আৰক্ষীয়ে।

এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল কেইবাগৰাকীও প্ৰতিবাদকাৰী। বুধবাৰৰ প্ৰতিবাদৰ পৰৱৰ্তী সময়ত বৃহস্পতি বাৰে পুৱাৰে পৰা পুনৰ সত্যাগ্ৰহত বহে ৰাইজ। ডাম্পিং গ্ৰাউণ্ডৰ কৱলৰ পৰা চন্দ্ৰপুৰ ৰক্ষাৰ বাবে কিছুদিন ধৰি এইদৰে অব্যাহত আছে চন্দ্ৰপুৰবাসীৰ প্ৰতিবাদ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.