অসমউৎসৱকৃষিখাদ্যজীৱনশৈলী

গ’লগৈ হেপাঁহৰ ৰঙালী বিহুটি! আজি বিহুৰ শেষৰটো দিন…

ব’হাগৰ 'সাতবিহু'ৰ ভিতৰত আজি ‘চেৰা বিহু’

গ’লগৈ হেপাঁহৰ বিহু! আজি বিহুৰ শেষৰটো দিন। শেষৰ দিনা ‘চেৰা বিহু’। কিছুমানে ইয়াক “এৰা” বিহু বুলিও কয়। এয়ে ব’হাগৰ “সাতবিহু”।

চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লৈ এইদৰে গোৱা হয়- “ নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক; ন-ভাতে পুৰণি ভাতে জীণ যাওক। ” এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়।

অবিভক্ত গোৱালপাৰা জিলাৰ কোনো কোনো ঠাইত বিহুক ‘বিষুৱা’ বোলে। উজনি অসমৰ পৰা নামনিলৈ গৰু বিহুৰ পৰা ব’হাগৰ ছয় তাৰিখলৈকে সাতদিন সাতবিহু পালন কৰাৰ দৰে কোচ-ৰাজবংশী লোকসকলে গৰু বিহুৰ পৰা সাতদিনলৈকে ‘সাত বিষুৱা’ পালন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 20 =

Back to top button