অসমদুৰ্ঘটনা

মহানগৰীৰ walking zoneত সুৰক্ষিত নহয় আপুনি! Stunt দেখুৱাই দুৰ্ঘটনাগ্ৰস্ত দুই বাহন

খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
খানাপাৰাত APSC বিল্ডিঙৰ সন্মুখত সংঘটিত হৈছে দুৰ্ঘটনা। এখন তীব্ৰবেগী I20 বাহনে খুন্দা মাৰে এখন গাখীৰভৰ্তি বলেৰো পিক আপ ভানত। I20 বাহনখনৰ খুন্দাত ৰাজপথত বাগৰি পৰে বলেৰ’ পিক আপ ভানখন। বলেৰ’খনত গাখীৰ ভৰ্ত্তি হৈ আছিল।
দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুয়োখন বাহনৰ চালক তথা আৰোহীসকল। লগতে বেয়াকৈ ক্ষতিগ্ৰস্ত হয় দুয়োখন বাহন।
চাৰিচকীয়া বাহন দুখনৰ ৰেচিঙৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাক লৈ প্ৰত্যক্ষদৰ্শীয়ে দোষাৰোপ কৰে ডাষ্টাৰ আৰু আই২০ৰ উদণ্ড চালকক। ক্ষুব্ধ ৰাইজে কয়, APSC বিল্ডিঙৰ সন্মুখত walking zone থকা পাছতো প্ৰায়ে এনেকুৱা ধৰণৰ Stunt দেখুৱাই বহু জনে।
নিশাৰ ভাগত সংঘটিত এই ঘটনাত ইমানেই ভয়াবহ আছিল যে ৰাজপথত কোনো লোক সেই সময়ত থাকিলে নিশ্চত ৰূপত মৃত্যুমুখত পৰিলে হয়।
ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে আৰক্ষীৰ দলে দুয়োখন বাহন জব্দ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 6 =

Back to top button