Assam

উজানবজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰ হৈ পৰিব অসম পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু

উদ‍্যানখনৰ ৭৫% কাম সম্পূৰ্ণ হৈছে

উজানবজাৰ সকলোৰে বাবে হয়টো এক আৱেগৰ ঠাই। উজানবজাৰ মানেই যেন কিছু শান্ত পৰিৱেশত ব্ৰহ্মপুত্ৰৰ পাৰত নিজৰ লগত সময় কটোৱা। কিন্তু এই উজানবজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰ কিছু দিনৰ পিছতেই হৈ পৰিব অসম পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।অৰ্থাৎ গুৱাহাটীবাসীয়ে লাভ কৰিব এখন আটকধুনীয়া উদ‍্যান। ইতিমধ‍্যে উদ‍্যানখনৰ ৭৫% কাম সম্পূৰ্ণ হৈছে।এতিয়া আপুনিও হওঁক সাজু ব্ৰহ্মপুত্ৰৰ পাৰত নতুন আমেজ ল’বলৈ।য’ত উপভোগ কৰিব পাৰিব (সূৰ্যোদয় – সূৰ্যাস্তৰ) ৰঙা বেলিৰ পোহৰ ।পিছে এতিয়া প্ৰশ্ন হৈছে ক’ত পাব আপুনি এই মন মতলীয়া কৰা স্থান? উজান বজাৰত নিৰ্মাণ হৈছে এখন বিশেষ উদ‍্যান। লুইতৰ পাৰতে সুন্দৰকৈ হৈছে উদ্যানখন। মুকলিৰ দিশে উজান ‍বজাৰৰ ব্ৰ‍হ্মপুত্ৰৰ পাৰত নিৰ্মাণ হৈ থকা উদ‍্যানখন। ছেপ্তেম্বৰৰ শেষত অথবা অক্টোবৰৰ প্ৰথমভাগত মুকলি হ’ব এই আটকধুনীয়া উদ‍্যানখন। য’ত থাকিব খেল ধেমালিৰ সা-সুবিধা,চাইকেল ট্ৰেক, ৱাকিং ট্ৰেক, জগিং ট্ৰেকৰ ব্যৱস্থা।প্ৰকল্পটোৰ নামত ব‍্যয় ৩২৭ কোটি টকা। ITD CEMENTATION INDIA LIMITED নামৰ এটা নিৰ্মাণকাৰী সংস্থাই নিৰ্মাণ কৰিছে এই উদ‍্যানখন।গুৱাহাটীৰ পৰ্যটনৰ মানচিত্ৰত এই উদ‍্যানখনে এক নতুন সংযোজন অনাৰ আশা ৰাজ‍্য চৰকাৰৰ। সুৰক্ষিত ব‍্যৱস্থাৰ মাজেৰে উদ‍্যানখনত বহি উপভোগ কৰিব পাৰিব বৰলুইতৰ দৃশ‍্য।ৰাইজৰ পৰামৰ্শ পালে নাম সলনি হ’ব পাৰে এই উদ‍্যানখনৰ। উদ‍্যানখনত শৰাইঘাটৰ যুদ্ধত যুঁজ দিয়া বীৰ সৈনিকৰ নাম খোদিত এটা ৰণস্মৃতিও নিৰ্মাণ কৰা হৈছে। এতিয়া কেৱল অপেক্ষা উদ‍্যানখনৰ মুকলিলৈ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − three =

Back to top button