অসমদুৰ্ঘটনা

কাশ্মীৰৰ দৰেই ৰাঙলী হ’ব অসম! অসম আক্ৰমণৰ ভয়ংকৰ ব্লুপ্ৰিন্ট ৰচিছে ISIS, আল-কায়দাই…

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ টাৰ্গেট RSS কেডাৰ, সেনা শিবিৰ, ৰাজহুৱা স্থান, পৰিবহন আৰু ধৰ্মীয় স্থলী। এই স্থানসমূহত বোমা বিস্ফোৰণৰ পৰিকল্পনা সন্ত্ৰাসবাদী সংগঠনৰ।

অসম আক্ৰমণ কৰিব আল-কায়দাই। অসম আক্ৰমণৰ পৰিকল্পনা পাকিস্তান সন্ত্ৰাসবাদী সন্থাৰ। অসম ৰক্তাক্ত কৰিব ISIS, আল কায়দাই।

ঢলপুৰৰ উচ্ছেদৰ অপপ্ৰচাৰেৰে ভয়ংকৰ ব্লুপ্ৰিন্ট ৰচিছে পাক-সন্ত্ৰাসবাদীয়ে। উচ্ছেদ কৰাৰ নামত মুছলমানৰ ওপৰত অত্যাচাৰ, উৎপীড়ন চলোৱাৰ উৰাবাতৰিৰে মৌলবাদী চক্ৰই অসম ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰিছে। পাকিস্তানী চোৰাংচোৱা সংস্থাৰ টাৰ্গেট RSS কেডাৰ, সেনা শিবিৰ, ৰাজহুৱা স্থান, পৰিবহন আৰু ধৰ্মীয় স্থলী। এই স্থানসমূহত বোমা বিস্ফোৰণৰ পৰিকল্পনা সন্ত্ৰাসবাদী সংগঠনৰ।

মুছলমানক অত্যাচাৰৰ ভিডিঅ’ প্ৰচাৰেৰে সন্ত্ৰাসবাদীৰ হুংকাৰ। গোপন তথ্যৰ ভিত্তিত ৰাজ্যজুৰি ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে অসম আৰক্ষীয়ে। চোৰাংচোৱাৰ তথ্যৰ পিছতে সতৰ্ক অসম আৰক্ষী। আইন-শৃংখলা শাখাৰ দায়িত্বত থকা সহকাৰী আৰক্ষী মহাপৰিদৰ্শকে দেওবাৰে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু অন্যান্য শীৰ্ষ বিষয়াসকললৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে। ইয়াৰ জৰিয়তে পুনৰ এটা কথা খুবেই স্পষ্ট হৈ পৰিছে যে, ইছলামিক মৌলবাদী শক্তিসমূহে অসম তথা দেশক অস্থিৰ কৰি ৰাখিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে। বিশেষকৈ গৰুখুঁটিৰ বেদখলকাৰীসকলক উচ্ছেদৰ পিছত এই মৌলবাদী শক্তিসমূহ অধিক সক্ৰিয় হৈ পৰাতো অতিকৈ তাৎপৰ্যপূৰ্ণ।

উল্লেখ্য যে, পাকিস্তানৰ ISI আৰু আল-কায়দাই ৰাজ্যখনত সংখ্যালঘুসকলৰ উচ্ছেদ অভিযানক বিশ্বৰ মঞ্চলৈ অনাৰ বাবে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব পাৰে। সেয়েহে, শনিবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰতিখন জিলাৰ আৰক্ষী বিষয়ালৈ এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে। সেয়েহে, প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলক যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ সাৱধানতামূলক ব্যৱস্থা ল’বলৈ কোৱা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.