দুৰ্ঘটনা

গুজৰাটৰ মৰবিত ভয়ংকৰ দুৰ্ঘটনা, নৱীকৰণৰ ৪ দিন পিছতে ভাঙিল ওলমা দলং!

বৰ্তমানলৈকে ১৩২জনৰ মৃত্যু

গুজৰাটৰ মৰবিৰ মচ্ছু নদীত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। মৰবিত দেওবাৰে ভাঙি পৰিছিল ১৪০ বছৰতকৈয়ো পুৰণি ওলমা দলং। দলংখন ভঙাত নদীত পৰিল ৫ শতাধিক লোক।

Image

এনডিআৰএফ, এছডিআৰএফ, সেনা, বায়ুসেনাৰ উপৰিও স্থানীয় প্ৰশাসন তৰফৰ পৰাও উদ্ধাৰ অভিযানত অব্যাহত আছে। এই শোকাৱহ ঘটনাত বৰ্তমানলৈকে ১৩২জনৰ মৃত্যু। মৃত্য হোৱা লোকসকলৰ অধিকাংশই শিশু আৰু বয়োজ্যেষ্ঠ লোক বুলি জানিব পৰা গৈছে। এই শোকাৱহ দুৰ্ঘটনাত বৰ্তমানলৈকে ১৭৭জন লোক উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে।

Image

উল্লেখ্য যে ১৪০ বছৰতকৈয়ো পুৰণা আছিল দলংখন। ছমাহ ধৰি বন্ধ হৈ থকাৰ পিছত পুনৰ মেৰামতি আৰু নৱীকৰণৰ পিছত ২৫ অক্টোবৰত জনসাধাৰণৰ বাবে মুকলি কৰা হৈছিল দলংখন। পিছে মুকলিৰ ৪ দিনৰ পিছতে ভাঙিল ওলমা দলংখন। দুৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে শোক প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ। মৃতকৰ পৰিয়াললৈ গুজৰাট চৰকাৰৰ তৰফৰ পৰা ৪ লাখকৈ আৰ্থিক সাহায্য আৰু আহতসকললৈ ৫০ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button