AssambihuCity newsCMO AssamCultureFestivalInternationalnationalnorth eastRegionalSocialSocial Networkঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিফেশ্বনভাৰতৰাজস্থান

বহিঃ ৰাজ্যত উজলিল অসম কন্যা মনীষা শৰ্মা

ৰাজস্থানৰ জয়পুৰত 'মিছ ভগষ্টাৰ ইণ্ডিয়া ২০২৪' খিতাপ অসম কন্যাৰ

ৰঙালী বিহুৰ মাজতে গুৱাহাটীৰ কন্যা মনীষা শৰ্মাই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত ‘মিছ ভগষ্টাৰ ইণ্ডিয়া ২০২৪’ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লৈ খিতাপ অৰ্জন কৰিছে অসম কন্যা মনীষা শৰ্মাই। শেহতীয়াকৈ অনুষ্ঠিত মিছ ভগষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল মনীষাই।ৰেম্পত লয়লাস ভংগীৰে বিচাৰক আৰু দৰ্শকসকলক আপ্লুত কৰি শিৰত মুকুট পিন্ধিবলৈ সক্ষম হয়।

বহিঃ ৰাজ্যত উজলিল অসম কন্যা মনীষা শৰ্মাবহিঃ ৰাজ্যত উজলিল অসম কন্যা মনীষা শৰ্মা

সৰুৰে পৰা ফেশ্বনৰ প্ৰতি আগ্ৰহী উচ্চ শিক্ষিত মনীষা পেচাত এগৰাকী অধিবক্তা। আদালতত আইনী যুঁজৰ সমানে ফেশ্বনৰ জগতত সাধনা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আদালতৰ পৰা ৰেম্পলৈ যাত্ৰা কৰি বহুমুখী প্ৰতিভাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। ৰাজ্যখনৰ ফেশ্বনৰ প্ৰতি আগ্ৰহী যুৱতীসকলৰ বাবে এক অনুপ্ৰেৰণা।নিষ্ঠা আৰু অধ্যৱসায়ৰ দ্বাৰা যিকোনো ক্ষেত্ৰত আপুনি সফল হব পাৰিব তাকেই প্ৰমাণো কৰিলে মনীষাই।

বহিঃ ৰাজ্যত উজলিল অসম কন্যা মনীষা শৰ্মা

মিছ ভগষ্টাৰ ইণ্ডিয়া হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলাৰ সৌন্দৰ্য প্ৰতিযোগিতা। ভগষ্টাৰ হৰাইজনছ প্ৰাইভেট লিমিটেডে দেশৰ মহিলাক নিজৰ প্ৰতিভা বিকাশ কৰাৰ এক মঞ্চ দি আহিছে। ভগষ্টাৰ হৰাইজনছ প্ৰাইভেট লিমিটেড মহিলাক ফেশ্বন জগতত জড়িত কৰি স্বাৱলম্বী কৰিবলৈ প্ৰয়াস কৰি গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − two =

Back to top button