অৰ্থনৈতিকজীৱনশৈলীদৈনিক বাতৰিভাৰতমনোৰঞ্জন

একেদিনাই কোটিপতি এজন ৰিক্সাচালকঃ এগৰাকী বৃদ্ধাই কৰিলে দান, কিন্তু কিয়?

৬৩ বছৰীয়া মিনাতি পাটনায়ক নামৰ উৰিষ্যাৰ এগৰাকী বৃদ্ধ মহিলাই তেওঁৰ সম্পূৰ্ণ সম্পত্তি এজন ৰিক্সাচালকক দান দিয়ে। সম্পত্তিৰ ভিতৰত আছিল তেওঁৰ দুমহলীয়া ঘৰ আৰু আ-অলংকাৰ।

৬৩ বছৰীয়া মিনাতি পাটনায়ক নামৰ উৰিষ্যাৰ এগৰাকী বৃদ্ধ মহিলাই তেওঁৰ সম্পূৰ্ণ সম্পত্তি এজন ৰিক্সাচালকক দান দিয়ে। সম্পত্তিৰ ভিতৰত আছিল তেওঁৰ দুমহলীয়া ঘৰ আৰু আ-অলংকাৰ। উৰিষ্যাৰ বৃদ্ধ মহিলাগৰাকীৰ এনে কাৰ্যই বহুতৰে বাবে উদাহৰণ স্থাপন কৰিছে। মহিলাগৰাকীৰ দান দিয়া সম্পত্তিখিনিৰে বুধা চামাল নামৰ ৰিক্সাচালকজন একেদিনাই কোটিপতি হৈ পৰে।

ৰিক্সাচালক বুধা আৰু তেওঁৰ পৰিয়ালে ২৫ বছৰৰো অধিক সময় ধৰি মিনাতি আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক সেৱা আগবঢ়াই আহিছিল। কিন্তু ২০২০ চনত স্বামীৰ আৰু ২০২১ চনত জীয়ৰীৰ মৃত্যুৰ পাছত অকলসৰীয়া মিনাতিয়ে ভাগি পৰে আৰু তেওঁৰ সমৰ্থনৰ একমাত্ৰ স্তম্ভ বুধা আৰু তেওঁৰ পৰিয়ালক সকলো সম্পত্তি দান কৰে। তেওঁ কয়, “পৰিয়ালৰ সদস্যসকলৰ মৃত্যুৰ পাছত এই সকলো বোৰ সম্পত্তিৰ মোৰ বাবে কোনো মূল্য নাই।”

বুধাই মিনাতি আৰু তেওঁৰ পৰিয়ালক সেৱা আগবঢ়োৱাৰ সময়ত কেতিয়াও বিবেচনা কৰা নাছিল যে এনেকুৱা কিবা কেতিয়াবা হ’ব। বুধাই সকল্প লৈছে যে, এতিয়াৰে পৰা তেওঁ ৬৩ বছৰীয়া মিনাতি পাটনায়কৰ নামত সেৱা উৎসৰ্গা কৰি যাব।

 

 

 

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button