Covid-19

পূৰ্বতকৈ ক’ম হ’ব ক’ভিডৰ তৃতীয় ঢৌৰ ভয়াৱহতা

টিকাকৰণৰ বাবেই কমকৈ পৰিব ক'ভিড-১৯ৰ তৃতীয় ঢৌৰ প্ৰভাৱ

চলিত বৰ্ষৰ অক্টোবৰ মাহত ভাৰত পাবহি ক’ভিডৰ তৃতীয়টো ঢৌ। এক সমীক্ষা অনুসৰি এই তৃতীয়টো ঢৌৰ ভয়াৱহতা পূৰ্বতকৈ যথেষ্ট কম হ’ব। বিশেষজ্ঞ সকলৰ মতে, ক’ভিড-১৯ মহামাৰী অতি কমেও এবছৰৰ বাবে মানুহৰ মাজত চিন্তাৰ কাৰণ হৈ থাকিব।

ভাৰতত চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত ক’ভিড-১৯ৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত দৈনিক বহু লোক ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে বহু লোকৰ মৃত্যু হৈছিল। ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই এতিয়ালৈকে লাখৰ ঘৰ অতিক্ৰম কৰিলে। দ্বিতীয় ঢৌৰ সময়ত ভেকচিন, অক্সিজেন, দৰৱ আৰু হাস্পতালৰ বিচনাৰ অভাৱ হোৱাৰ বাবে  মৃত্যুক সাৱটিব লগীয়া হৈছিল বহু ৰোগীয়ে। চৰকাৰে লাহে-লাহে সেই অভাৱ পূৰণ কৰাৰ লগতে চৰকাৰে জনসাধাৰণৰ ওপৰত জাপি দিয়া লকডাউন, কাৰ্ফিউৰ দৰে কঠোৰ নীতি-নিয়মৰ বাবে ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা।

কিছু সংখ্যক বিশেষজ্ঞৰ মতে, ১৮ বছৰৰ তলৰ শিশুসকল ক’ভিডৰ তৃতীয়টো ঢৌৰ পৰা প্ৰভাৱিত হ’ব। আন কিছু সংখ্যক বিশেষজ্ঞৰ মতে শিশুসকল এই ঢৌত বিশেষভাৱে প্ৰভাৱিত নহ’ব। বিশেষজ্ঞসকলৰ মতে, দেশত চলি থকা ক’ভিড টিকাকৰণৰ বাবেই কমকৈ পৰিব ক’ভিড-১৯ৰ তৃতীয় ঢৌৰ প্ৰভাৱ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.