ৰাজনৈতিক

মন্ত্ৰী সভাত স্থান পাব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে?দিল্লীত সৰ্বানন্দ সোণোৱাল

বিজেপিৰ কেইবাজনো শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব সৰ্বানন্দ সোণোৱালে

দিল্লীত উপস্থিত হ’ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শুকুৰবাৰে পুৱা ১১.৩০বজাত বৰঝাৰৰ পৰা দিল্লীলৈ ৰাওনা হ’ল সোণোৱাল।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক মাতি পঠিয়াইছে কেন্দ্ৰীয় নেতৃত্বই। দিল্লীত বিজেপিৰ কেইবাজনো শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব সৰ্বানন্দ সোণোৱালে। প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীক কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত কৰাৰ লগতে বিজেপিৰ গুৰু দায়িত্ব দিয়াৰ সম্ভাৱনা আছে। উল্লেখ্য যে, শীঘ্ৰেই বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ’ব।

কিন্তু দলে বা দলৰ কোনো শীর্ষ নেতাই এই সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ অনুষ্ঠানিক মন্তব্য প্ৰদান কৰা নাই। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে একেখন বিমানতে দিল্লীলৈ ৰাওনা হৈছে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.