খেলভাৰত

ক’ভিডৰ ওচৰত হাৰ মানি গুচি গ’ল ‘উৰন্ত শিখ’ খ্যাত মিলখা সিং

কালান্তক ক'ৰণাৰ বলি হৈ মৃত্যুক সাৱটিলে ইতিহাস ৰচা দৌৰবিদ মিলখা সিঙে

কালান্তক ক’ৰণাৰ বলি হৈ মৃত্যুক সাৱটিলে ইতিহাস ৰচা দৌৰবিদ মিলখা সিঙে। তেখেতৰ মৃত্যুৰ লগে-লগে অৱসান হ’ল এটা যুগৰ।

৯১ বছৰীয়া দৌৰবিদগৰাকী ১৯ মে’ত আক্ৰান্ত হৈছিল ক’ৰণাত। কোনো লক্ষণ নথকাৰ বাবে চণ্ডিগড়ৰ নিজা বাসগৃহত হোম আইশ্বলেশ্বনত আছিল যদিও পৰৱৰ্তী সময়ত শাৰীৰিক অৱনতি ঘটাৰ বাবে ম’হালিৰ ফৰটিচ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল এথলীটগৰাকীক। পৰৱৰ্তী সময়ত ক’ভিড নিগেটিভ আহিছিল যদিও ক’ভিডৰ পাছৰ জটিলতাৰ বাবে মৃত্যুৰ ওচৰত হাৰ মানিলে ক্ৰীড়াবিদগৰাকীয়ে। মৃত্যুৰ ওচৰত হাৰ মানি শুকুৰবাৰে নিশা ১১.৩০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে এথলীটগৰাকীয়ে।

উল্লেখযোগ্য যে, ক’ভিডৰ পাছৰ জটিলতাৰ বাবে পাঁচদিন পূৰ্বে মৃত্যু হৈছিল মিলখা সিঙৰ পত্নীৰ।

এছিয়ান গেমছত ৪ টা সোণৰ পদক অৰ্জন কৰাৰ লগতে ১৯৫৮ চনত কমনৱেলথ গেমছত সোণৰ পদক অৰ্জনেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল ‘উৰন্ত শিখ'(Flying Sikh) খ্যাত পঞ্জাৱৰ মিলখা সিঙে। ১৯৫৬ আৰু ১৯৬৪ চনৰ অলিম্পিকতো অংশ লৈছিল মিলকা সিঙে। তেখেতৰ সফলতাৰ বাবে ১৯৫৯ চনত তেখেতক প্ৰদান কৰা হৈছিল পদ্মশ্ৰী সন্মান।

তেখেতৰ মৃত্যু ভাৰতবাসীৰ বাবে এক অপূৰণীয় ক্ষতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.