Assamleatest updateSocial

অসমবাসীৰ বাবে সুখবৰ। অসমৰ তিনি প্ৰতিভাৱান সন্তানলৈ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ ছাজিছ আলী।

অসমবাসীৰ বাবে সুখবৰ। অসমৰ তিনি প্ৰতিভাৱান সন্তানে লাভ কৰিলে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ ছাজিছ আলী। ক’ভিড মহামাৰীৰ সময়ত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ ছাজিছ আলীয়ে নিজে তৈয়াৰ কৰা বাঁহৰ ডাষ্টবিন আৰু চেনিটাইজাৰ গাঁৱৰ দুখীয়া লোকৰ মাজত বিতৰণ কৰিছিল ।

২০২১ চনত এন এছ এছৰ সদস্য ছাজিছে লোৱা প্ৰশংসনীয় পদক্ষেপৰ বাবে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক বঁটাৰ বাবে নিৰ্বাচিত হৈছিল ছাজিছ আলী। উত্তৰ গুৱাহাটী বৰ ৰংমহলৰ বাসিন্দা ছাজিছ আলী বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়নৰত। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী বনশ্ৰী কাকতিয়ে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় সমাজ সেৱকৰ স্বেচ্ছাসেৱক বঁটা লাভ কৰে।

আনহাতে দক্ষিন কামৰূপ মহাবিদ্যালয়ৰ এন এছ এছৰ আঁচনি বিষয়া মিতালী কাঠকতীয়াক প্ৰদান কৰা হয়  ৰাষ্ট্ৰীয় আঁচণি বঁটা। শুক্ৰবাৰে ৰাষ্ট্ৰপতি ভৱনত দ্ৰপদী মুৰ্মুৱে একলাখ টকাৰ ধনৰ চেকৰ লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰে ছাজিছ আলীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.