অসমভাৰতৰাজনৈতিক

দিল্লীত আৰম্ভ হ’ল বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক, ভাৰ্ছুৱেলী উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

২০২২ চনত গোৱা, মণিপুৰ, পঞ্জাৱ, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, হিমাচলপ্ৰদেশ আৰু গুজৰাটত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন

আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক। বৈঠকত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী নিৰ্মলা সীথাৰমণ আৰু কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰী।

সাতখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনক লৈ এই বৈঠকতে প্ৰস্তুত কৰা হ’ব প্ৰাৰম্ভিক ৰণনীতি। ২০২২ চনত গোৱা, মণিপুৰ, পঞ্জাৱ, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, হিমাচলপ্ৰদেশ আৰু গুজৰাটত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।

এই বৈঠকত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অংশগ্ৰহণ কৰিব অসম প্ৰদেশ বিজেপিয়ে।
হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.