Covid-19বলিউড

‘তেখেতৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰক’-ICUত থকা লতা মংগেশকাৰৰ চিকিৎসকে অনুৰাগীক ক’লে এই কথা

বৰ্তমান ICUত ভৰ্তি হৈ আছে কন্ঠশিল্পীগৰাকী।

ক’ভিডৰ সৈতে যুঁজ দিছে কুকিলকন্ঠী গায়িকা লতা মংগেশকাৰে। ক’ভিড ১৯ আৰু নিউমোনিয়াত আক্ৰান্ত হৈ বৰ্তমান মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি হৈ আছে গায়িকাগৰাকী।

শনিবাৰে, লতা মংগেশকাৰক চিকিৎসা প্ৰদান কৰি থকা চিকিৎসকে কয় যে, বৰ্তমান ICUত ভৰ্তি হৈ আছে কন্ঠশিল্পীগৰাকী। লগতে তেখেতৰ আৰোগ্য কামনাৰে অনুৰাগীক প্ৰাৰ্থনা কৰিবলৈও জনায় চিকিৎসকে।

আনহাতে, লতা মংগেশকাৰৰ ভতিজী ৰাস্না শ্বাহে কয় যে, ICUত চিকিৎসকে যথেষ্ট যত্ন লৈছে শিল্পীগৰাকীৰ। আনকি পূৰ্বতকৈ কিছু পৰিমাণে স্বাস্থ্য উন্নত হোৱাৰ কথাও উল্লেখ কৰে লতা মংগেশকাৰৰ ভতিজীয়ে।

উল্লেখ্য যে, ভাৰতৰ নাইটিংগেল হিচাপে খ্যাত লতা মাংগেশকাৰক মঙলবাৰে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 6 =

Back to top button