অসমগুৱাহাটীবোলছবিভাৰত

Life Is Unpredictable! হোলী খেলি হোলীৰ পিছদিনাই আকস্মিক বিয়োগ অভিনেতা-পৰিচালক সতীশ কৌশিকৰ।

জীৱন অপ্ৰত্যাশিত! মৃত্যু কেতিয়া আহে কোনেও ক’ব নোৱাৰে।

জীৱন অপ্ৰত্যাশিত! মৃত্যু কেতিয়া আহে কোনেও ক’ব নোৱাৰে। বলীউডৰ প্ৰবীণ অভিনেতা-পৰিচালক সতীশ কৌশিকৰ দেহাৱসান। ৬৬ বছৰ বয়সত হাৰ্ট এটেকত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতা-পৰিচালকগৰাকীয়ে।

মাত্ৰ এদিন আগতে সতীশ কৌশিকে হোলী উপলক্ষে ৭ মাৰ্চত জুহুৰ জাংকি কটেজত বলীউডৰ অন্যান্য তাৰকাৰ সৈতে পাৰ্টি কৰিছিল। ছ’চিয়েল মিডিয়াত নিজৰ ছবি পোষ্ট কৰিছিল প্ৰয়াত পৰিচালক গৰাকীয়ে। এই পাৰ্টিত উপস্থিত আছিল জাভেদ আখতাৰ, মহিমা চৌধুৰী, শ্বাবানা আজমী, ৰিচা চাদ্দা, আলী ফজল আদি তাৰকা। কিন্তু এদিন পিছতে নিশা তেওঁৰ পৰলোকপ্ৰাপ্তি হয়।

যোৱা ৯ মাৰ্চৰ পুৱা অভিনেতা অনুপম খেৰে ছ’চিয়েল মিডিয়াত এই দুখৰ খবৰটো শ্বেয়াৰ কৰিছিল। অভিনেতাজনে লিখিছে, ‘মই জানো, এই পৃথিৱীত মৃত্যু একমাত্ৰ সত্য। কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে মই জীয়াই থাকোঁতে মোৰ প্ৰিয় বন্ধুজনৰ বিষয়ে এইখিনি লিখিম! ৪৫ বছৰীয়া বন্ধুত্বৰ হঠাৎ অন্ত পৰিল। সতীশ, তোমাৰ অবিহনে জীৱন কেতিয়াও আগৰ দৰে নাথাকিব। ওম শান্তি।’

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.