অসম

মূলসুঁতিলৈ উভতি অহা উগ্ৰপন্থীক সংস্থাপন দিব বিটিচি কাউন্সিলে

এতিয়াও যিসকল উগ্ৰপন্থী সদস্যই মূলসুঁতিলৈ উভতি আহিব সেইসকলক সংস্থাপনৰ প্ৰতিশ্ৰুতি বিটিচি প্ৰধান প্ৰমোদ বড়োৰ

বড়োভূমিত উগ্ৰপন্থীৰ কুচ-কাৱাজ কোনো নতুন ঘটনা নহয়। পৃথক বড়োভূমিৰ দাবীৰে ১৯৮৬ চনতে বড়োভূমিত গঠন হৈছিল উগ্ৰপন্থী সংগঠন- এন ডি এফ বি(NDFB)। বিভিন্ন সময়ত এই উগ্ৰপন্থী সংগঠনে সৃষ্টি কৰি আহিছে অশান্তিকৰ পৰিৱেশৰ।

অৱশ্যে সংগঠন এৰি ইতিমধ্যে বড়োভূমিলৈ উভতি আহিছে বহুকেইজন কেডাৰ। পৰৱৰ্তী সময়ত সংগঠন এৰি মূলসুঁতিলৈ উভতি অহা কেডাৰসকলৰ বাবে বিটিচি প্ৰধানে কৰিছে অন্য এক ঘোষণা। এতিয়াও যিসকল উগ্ৰপন্থী সদস্যই মূলসুঁতিলৈ উভতি আহিব সেইসকলক সংস্থাপনৰ প্ৰতিশ্ৰুতি বিটিচি প্ৰধান প্ৰমোদ বড়োৰ।

শিক্ষাগত অৰ্হতা থকাসকলক চাকৰি দিয়াৰ লগতে বাকীসকলক চাৰিলাখকৈ টকা দি ব্যৱসায়ত মনোনিৱেশ কৰোৱাৰ কথা কয় প্ৰমোদ বড়োৱে। শনিবাৰে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিটিচি প্ৰধান প্ৰমোদ বড়োৱে শীঘ্ৰেই বড়ো ভাষাকো শিক্ষাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাৰো দিহা পৰামৰ্শ আগবঢ়ায়। প্ৰমোদ বড়োৰ এই পদক্ষেপক আদৰণি জনায় ভট্টদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.