আন্তঃৰাষ্ট্ৰীয়ভাৰত

ফটোখন দেখি জ্বলিছে বহুকেইখন ৰাষ্ট্ৰ, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীয়ে দিলে এই বাৰ্তা…

আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেপুটী এনএছএ দিলীপ সিঙে প্ৰধানমন্ত্ৰীৰ ওচৰলৈ আহিছিল যদিও সাক্ষাৎ সম্ভৱ নহ'ল।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্জেই লাবৰোবক প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ। এয়া এইবাবেই গুৰুত্বপূৰ্ণ নহয় যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ সময়ত এই সাক্ষাৎ হৈছে, কিন্তু এই সাক্ষাৎ এইবাবেই গুৰুত্বপূৰ্ণ যে, এতিয়া পৰ্যন্ত কোনো ৰাষ্ট্ৰৰে বৈদেশিক মন্ত্ৰীক লগ কৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে। যি কি নহওঁক, ভাৰতৰ বাবে ৰাছিয়াৰ সম্পৰ্ক যথেষ্ট গুৰুত্বপূৰ্ণ।

 

বিগত দুটা সপ্তাহত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক লগ কৰিবৰ বাবে চীন, অষ্ট্ৰিয়া, গ্ৰীচ, মেক্সিকো, ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰী আহিছিল যদিও প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সুবিধা নাপালে তেওঁলোকে। আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেপুটী এনএছএ দিলীপ সিঙে প্ৰধানমন্ত্ৰীৰ ওচৰলৈ আহিছিল যদিও সাক্ষাৎ সম্ভৱ নহ’ল।

https://twitter.com/DrSJaishankar/status/1509822829428371458

শুকুৰবাৰে, নতুন দিল্লীত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ সৈতে ৪০ মিনিট ধৰি হোৱা বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে শীঘ্ৰেই ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সমাপ্ত কৰাৰ আহ্বান জনায়। লগতে আন্তঃৰাষ্ট্ৰীয় শান্তি বৰ্তাই ৰখাৰ বাবে যিকোনো বৰঙণি আগবঢ়াবলৈ ভাৰত সাজু হৈ থকাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই বৈঠকখনৰ পাছত ভাৰতে ৰাছিয়া-ইউক্ৰেইনৰ মাজত মধ্যস্থতাকাৰী হিচাপে থকাৰ ইচ্ছা প্ৰকাশ কৰাৰ কথাও উল্লেখ কৰিছে বহুতে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 6 =

Back to top button