Covid-19অসমগুৱাহাটীজীৱনশৈলীপৰ্যটনভাৰতভ্ৰমণস্বাস্থ্য

বনভোজ খোৱাৰ আশা পৰিহাৰ কৰক, আহি পালে অ’মিক্ৰণ (Omicron)

গুৱাহাটী মেডিকেল কলেজৰ অধীক্ষক ডা০ অভিজিত শৰ্মাই এইবাৰ ৰাজ্যবাসীক পিকনিকলৈ নাযাবলৈ আৰু জন সমাগম নকৰিবলৈ জনাইছে আহ্বান

ভাৰত পালে অতি শক্তিশালী  ক’ভিড ভেৰিয়েন্ট অ’মিক্ৰণ (Omicron)।

ইতিমধ্যে কৰ্ণাটকত দুজন লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণ। তাৰ পাছতে অধিক সতৰ্ক হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। বাতিল কৰা হৈছে আন্তঃৰ্জাতিক বিমান সেৱাসমূহ।

শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অ’মিক্ৰণ ভেৰিয়েণ্টেক লৈ কয় যে, সংক্ৰমণৰ পৰা ৰাজ্যবাসীক আঁতৰাই ৰাখিবলৈ শীঘ্ৰে ৰাজ্য চৰকাৰে জাৰি কৰিব নতুন SOP।

তাৰ লগতে গুৱাহাটী মেডিকেল কলেজৰ অধীক্ষক ডা০ অভিজিত শৰ্মাই এইবাৰ ৰাজ্যবাসীক পিকনিকলৈ নাযাবলৈ আৰু জন সমাগম নকৰিবলৈ আহ্বান জনাইছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.