অসমমনোৰঞ্জন

হাজোৰ এখন ব্যতিক্ৰমী বিবাহ! দৰা চাবলৈ ৰাজপথলৈ ওলাই আহিল শ শ মানুহ

  পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি, তথা বিলাসী গাড়ীৰ প্ৰতিযোগিতাৰ পৰা আঁতৰত এইজন দৰা।

হাজোৰ এখন ব্যতিক্ৰমী বিবাহ। বিলাসী বাহনত নহয়, মৌচুমীক আনিবলৈ মহৰ গাড়ী লৈ ওলাল দৰা মইদুল ইছলাম।

দুপৰ নিশা পুষ্প সজ্জিত এখন মহৰ গাড়ী লৈ আগবাঢ়ি যায় হাজোৰ ৰাজপথেৰে। মহৰ গাড়ীত উঠি আছে দৰা। পিছে পিছে বৰযাত্ৰীৰ আনন্দ হৰশোল্লাস। নিশা শোৱা পাতি এৰি ৰাজপথলৈ দৰা চাবলৈ ওলাই আহিছে শ শ মানুহ। কাৰণ এটাই, মহৰ গাড়ীত বিয়া কৰাবলৈ গৈছে দৰা।

হাজোৰ বামুনবড়ীৰ মইনুল ইছলাম নামৰ এইজন দৰাই কৰিলে এই ব্যতিক্ৰমী চিন্তা। দীর্ঘ দিনৰ প্ৰেমৰ সম্পৰ্কৰ পিছত ৰাজাবজাৰৰ কইনা মৌচুমী বেগমৰ সৈতে যুগ্ম জীৱনৰ বাবে সাজু হ’ল মইদুলৰ।

পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি, তথা বিলাসী গাড়ীৰ প্ৰতিযোগিতাৰ পৰা আঁতৰত এইজন দৰা। ব্যতিক্ৰমী চিন্তা দৰা মইদুলৰ। এই ব্যতিক্ৰমী বিবাহক লৈ হাজোত এতিয়া চৰ্চাৰ অন্ত নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.