অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন লোকৰ

গোৱালপাৰাত হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ।

গোৱালপাৰাত হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ। গোৱালপাৰাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ দাতি কাষৰীয়া গাওঁ ধামৰত বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ কৰুণ মৃত্যু। মৃত্যু আনোৱাৰ আলী নামৰ ৪৩ বছৰ বয়সৰ এজন লোকৰ। লোকজনৰ ঘৰ বাপুৰভিটা দ্বিতীয় খণ্ডৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে কালি নিশা লোকজনে তেওঁৰ পুত্ৰক বিচাৰি গৈ থাকোঁতে পথৰ মাজত লোকজনক এজাক বন্যহস্তিয়ে আক্ৰমণ কৰে। সময়ে সময়ে লক্ষীপুৰ বন বিভাগৰ আৰু চৰকাৰৰ ওচৰত দীৰ্ঘ দিনৰ পৰা অব্যাহত থকা বন্য হস্তিৰ জাকটোক গ্ৰামাঞ্চলৰ পৰা খেদি পঠোৱা নাইবা হাতীজাকক নিয়ন্ত্ৰণ কৰাৰ বাবে আন্দোলনৰ দৰে কাৰ্যসূচীও লৈ আহিছে। তৎস্বতেও কোনো গুৰুত্ব  নিদিয়াৰ অভিযোগ উঠিছে লক্ষীপুৰৰ সচেতন ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.