SocialSocial Networkঅপৰাধচাকৰিদৈনিক বাতৰি

চৰকাৰী পৰীক্ষাত নকলৰ অত্যাধুনিক পদ্ধতি! চালে চকু কপালত উঠিব আপোনাৰ…

ঘটনাৰ সময়ত উপস্থিত থকা আইপিএছ বিষয়া ৰূপিন শৰ্মাই এটা টুইটযোগে ভিডিঅ' শ্বেয়াৰ কৰে। ভিডিঅ'টো সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ আছে।

আজিকালি শিক্ষাৰ্থীসকলৰ মাজত মনোযোগেৰে অধ্যয়ন কৰাতকৈ থগ্ প্ৰৱঞ্চনাৰে সহজে সফল হোৱাৰ প্ৰৱণতা অধিক বৃদ্ধি পাইছে। আমি সকলোৱে জীৱনত বহু পৰীক্ষাত অৱতীৰ্ণ হৈছো, আৰু সেইবাবে জানো যে নকল কৰাটো এক অনুচিত উপায়। কিন্তু, উত্তৰ প্ৰদেশৰ এগৰাকী শিক্ষাৰ্থীয়ে চৰকাৰী চাকৰিৰ বাবে হোৱা পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ গ্ৰহণ কৰিলে অভিনৱ নকল পদ্ধতি। কি কৰিলে শুনিলে আপোনাৰ চকু কপালত উঠিব। কেমেৰাত বন্দী হৈ ৰ’ল শিক্ষাৰ্থীগৰাকীৰ এই অত্যাধুনিক নকল পদ্ধতি।

শিক্ষাৰ্থীগৰাকীয়ে নকল চুলি (wig) পিন্ধি আহিছিল চৰকাৰী পৰীক্ষা দিবলৈ। সেই চুলিৰ ভিতৰতে লুকুৱাই ৰাখিছিল নকল পেপাৰ আৰু Wireless ইয়াৰফোন। প্ৰাৰ্থীগৰাকীয়ে মূৰত এটা উইগটোত খাপ খোৱাকৈ ইয়াৰফোন লগাই ৰাখিছিল।

ঘটনাৰ সময়ত উপস্থিত থকা আইপিএছ বিষয়া ৰূপিন শৰ্মাই এটা টুইটযোগে ভিডিঅ’ শ্বেয়াৰ কৰে। ভিডিঅ’টো সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.