AssamCity newsCMO Assamঅসমউৎসৱগুৱাহাটীদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰতৰাজনৈতিকসংস্কৃতি

ঐতিহাসিক ক্ষণলৈ অপেক্ষা দেশবাসীৰ, অযোধ্যাৰ লগতে ৰামময় হৈ পৰিছে সমগ্ৰ দেশ….

ঐতিহাসিক ক্ষণলৈ অপেক্ষা দেশবাসীৰ। ২২ জানুৱাৰীত অযোধ্যাত নৱনিৰ্মিত ৰাম মন্দিৰ মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিষ্ঠা কৰিব ৰামলালাৰ প্ৰাণ। অযোধ্যাৰ লগতে ৰামময় হৈ পৰিছে সমগ্ৰ দেশ। পূণ্যভূমি অযোধ্যা নগৰীত এতিয়া দিনে–নিশাই ব্যস্ত সকলো। অযোধ্যাত ভিৰ বাঢ়িছে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তৰ।

প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে কি হ’ব ?

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বৰ সপ্তাহৰ কাৰ্যসূচী ঘোষণা

১৬ জানুৱাৰীঃ সৰযু নদীৰ পাৰত যজমানৰ দ্বাৰা ‘দশবিধ’ স্নান আৰু গো দান

১৭ জানুৱাৰীঃ মংগল কলহত সৰযুৰ পানী লৈ ৰামলালাৰ মূৰ্তিৰ শোভাযাত্ৰা

১৮ জানুৱাৰীঃ অম্বিকা পূজা, বৰুণ পূজা, মত্ৰিকা পূজা, ব্ৰাহ্মণ পূজা, বাস্তু পূজা আদিত অনুষ্ঠান

১৯ জানুৱাৰীঃ অগ্নি স্থাপন, নৱগ্ৰহ স্থাপন আৰু যজ্ঞ

২০ জানুৱাৰীঃ সৰযু নৈৰ পৱিত্ৰ পানীৰে গৰ্ভগৃহ ধুই পখালি বাস্তু শান্তি আৰু অন্নদিৱস উদযাপন

২১ জানুৱাৰীঃ ১২৫টা কলহৰ পানীৰে ৰামলালাক দিব্যস্নান প্ৰদানৰ পিছতে শ্বায়ধিৱস পালন

২২ জানুৱাৰীঃ পুৱাৰ ভাগত ৰামলালাৰ পূজা। বিয়লি মৃগশীৰা নক্ষত্ৰত প্ৰাণ প্ৰতিষ্ঠা

ভব্য ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাকলৈ দেশজুৰি কৌতুহল উৎকণ্ঠা বৃদ্ধি পাইছে। প্ৰাণ প্ৰতিষ্ঠাৰ দিন চমু চাপি আহিছে মানেই প্ৰফুল্লিত হৈ উঠিছে দেশৰ হিন্দু সমাজ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.