চাকৰি

এক ব্যতিক্ৰমী ব্যৱসায়ৰে কোটিপতি হ’ল এগৰাকী মহিলা। কোন এই মহিলা!

মহিলাগৰাকীয়ে নৱজাতকৰ নাম ৰাখি লাভ কৰি আহিছে প্ৰচুৰ ধন

বিশ্বৰ বিভিন্ন স্থানত অকল্পনীয় পেছাত নিয়োজিত হয় বহু লোক। তেনে পেছাত নিয়োজিত এগৰাকী নিউয়ৰ্কৰ মহিলা হৈছে টেলৰ এ হামফ্ৰে। ৩৩ বছৰীয়া টেলৰে বহু দম্পতীৰ নৱজাতকৰ নাম ৰাখি লাভ কৰি আহিছে প্ৰচুৰ ধন। বহু পিতৃ-মাতৃয়ে নিজ সন্তানৰ নাম কি ৰাখিব সেয়া নিশ্চিত কৰিব নোৱাৰি টেলৰৰ ওচৰ চাপে। তেতিয়াই শিল্পী তথা বিখ্যাত লোকসকলৰ নামেৰে নৱজাতকৰ নামকৰণ কৰে টেলৰে।

 

 

আমেৰিকাত এতিয়া সন্তানৰ নামকৰণৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ সমস্যা সমাধান কৰিবলৈ ভাৰতীয় মুদ্ৰাৰ হিচাপত ডেৰ লাখ টকা পৰ্যন্ত গ্ৰহণ কৰে টেলৰে। অৱশ্যে টেলৰে নাম ৰখা নৱজাতসকলৰ নামৰ অৰ্থই আমেৰিকান সংস্কৃতি আৰু মূল্যবোধক বহন কৰাটো বাধ্যতামূলক হ’ব লাগিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.