Assamassam policeCity newsঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

দেৰগাঁৱৰ শোকাৱহ দুৰ্ঘটনাৰ সবিশেষ তদন্তৰ বাবে দিল্লীৰ পৰা অসম আহি উপস্থিত হৈছে তিনিজনীয়া বিশেষজ্ঞৰ দল….

বিশেষজ্ঞৰ দলটোৱে বৈজ্ঞানিক কৌশলৰ ভিত্তিত বিশদ তদন্ত কৰাৰ লগতে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ কি?

দেৰগাঁৱৰ‌ শোকাৱহ দুৰ্ঘটনাৰ তদন্তৰ বাবে ৰাজ্যত উপস্থিত হৈছে বিশেষজ্ঞৰ দল। দিল্লীস্থিত Save Life Foundation নামৰ সংস্থাৰ তিনিজনীয়া বিশেষজ্ঞৰ দলে বৃহস্পতিবাৰে পৰিদৰ্শন কৰে দুৰ্ঘটনাস্থলী। ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে অহা তদন্তকাৰী দলটোৱে বৈজ্ঞানিক পদ্ধতিৰে বিশ্লেষণ কৰি দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰিব।

উল্লেখনীয় যে অসম চৰকাৰে সংস্থাটোৰ সদস্য সকলক দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উচিত তদন্ত কৰিবলৈ অনুৰোধ জনোৱা বুলি জানিব পৰা গৈছে।

বিশেষজ্ঞৰ দলটোৱে বৈজ্ঞানিক কৌশলৰ ভিত্তিত বিশদ তদন্ত কৰাৰ লগতে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ কি? চিনাক্ত কৰাৰ সম্ভাৱনা আছে। ঘটনাটোৰ তদন্তৰ প্ৰাৰম্ভিক পৰ্য্যায় হিচাপে দলটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু পৰৱৰ্তী পৰ্য্যায়ত মুখামুখি সংঘৰ্ষৰ সম্মুখীন হোৱা বাহন দুখন পৰিদৰ্শন কৰিব।

ঘটনাস্থলীত উপস্থিত পৰিৱহণ বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে দিল্লীৰ পৰা অহা দলটোৱে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু ৫ জানুৱাৰীলৈকে তদন্ত সমাপ্ত হ’ব বুলি উল্লেখ কৰিছে লগতে কিয় আৰু কেনেকৈ দুৰ্ঘটনাটো সংগঠিত হ’ল আৰু ঘটনাটোৰ পিছত কি হৈছিল সেই সন্দৰ্ভত স্থানীয় লোকসকলক সোধা-পোছা কৰিছে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.