AssamCity newsঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

কৰুণ!!! দেৰগাঁৱৰ দু্ৰ্ঘটনাত নিহত শুভাংকৰলৈ শ্ৰদ্ধাঞ্জলি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ….

দেৰগাঁৱৰ দু্ৰ্ঘটনাত শোকাৱহভাৱে মৃত্যুক আঁকোৱালি লোৱা বছা বকটিয়াল জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ শুভাংকৰ শইকীয়াক শুকুৰবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিদ্যালয়খনৰ শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰীসকলে। অতি মেধাৱী ছাত্ৰজনৰ এনে অকাল বিয়োগত শোকবিহ্বল হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকল। ঘটনাৰ তিনিদিন পিছতো বিদ্যালয়ত প্ৰৱেশ কৰিলেই কান্দোনত ভাগি পৰে সকলো। অষ্টম শ্ৰেণীৰ ছাত্ৰ শুভাংকৰে অকল পঢ়া-শুনাতে নহয়, খেল-ধেমালিতো অৰ্জন কৰিছিল বিশেষ সফলতা। শুকুৰবাৰে অশ্ৰুসিক্ত নয়নেৰে আটাইয়ে মৃতকৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনায়। ইফালে একেটা দুৰ্ঘটনাত মৃত্যু ঘটা বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য নৱজিৎ শইকীয়াৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিদ্যালয়খনৰে নৱম শ্ৰেণীৰ ছাত্ৰ নীলোৎপল হাজৰিকা আৰু কৌশল শইকীয়া, সপ্তম শ্ৰেণীৰ প্ৰাচুৰ্য শইকীয়া আৰু বাৰ্বী শইকীয়া তথা দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত প্ৰীতি শইকীয়া উক্ত দুৰ্ঘটনাত আহত হৈ বৰ্তমানে চিকিৎসাধীন হৈ আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + seven =

Back to top button